Bomb Hoax দিল্লী অহাৰ পথত মার্কিন বিমানত বোমাতংক !

Capture 37

Bomb Hoax দিল্লী অহাৰ পথত মার্কিন বিমানত বোমাতংক !

নিউয়ৰ্কৰ পৰা দিল্লীলৈ যোৱা আমেৰিকাৰ বিমানত বোমাতংক। যাৰ বাবে ভাৰতৰ পৰিৱৰ্তে ইটালীত জৰুৰী অৱতৰণ কৰিব লগা হ’ল বোয়িং ৭৮৭ ড্ৰিমলাইনাৰ ।

উল্লেখ্য যে ,যাত্ৰীবাহী বিমানখনত বোমা থকাৰ তথ্য পোৱাৰ পাছতে মাজ আকাশত যুদ্ধ বিমানে আটক কৰি বিমানখন ৰোম বিমানবন্দৰত অৱতৰণ কৰাই।দেওবাৰে নিশা এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

তথ্য অনুসৰি দেওবাৰে নিউয়ৰ্ক বিমানবন্দৰৰ পৰা ১৯৯জন যাত্ৰীসহ ফ্লাইট ২৯২ বিমানখন দিল্লী অভিমুখে ৰাওনা হয়।

আকাশত উৰা মৰাৰ কিছু সময়ৰ পাছতে, বিমানখনত বোমা থকাৰ তথ্য লাভ কৰে । ঘটনাটোৱে বিমানখনত আতংকৰ সৃষ্টি কৰে।

বিমানখন কৃষ্ণ সাগৰৰ ওপৰেৰে উৰি মাৰিছিল ।সেই পৰিস্থিতিত, বিমানখন মধ্য আকাশতে ইটালীৰ দিশে ঘূৰাই দিয়ে। ইটালীৰ আকাশসীমাত প্ৰৱেশ কৰাৰ পাছত, ইটালীৰ এখন যুঁজাৰু বিমানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমানখন ৰোমলৈ লৈ যায় ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ যাত্ৰীবাহী বিমানখন কঢ়িয়াই নিয়াৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

তথ্য অনুসৰি,বিমানখন নিশা ৰোমৰ লিওনাৰ্ডো দা ভিঞ্চি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে। ৰোমত অৱতৰণ কৰাৰ পাছতে নিৰাপত্তা বাহিনীয়ে সকলো যাত্ৰীক বিমানখনৰ পৰা নমাই নিশাৰ ভাগত তালাচী অভিযান আৰম্ভ কৰে।

অৱশ্যে বিমানখনত সন্দেহজনক কিবা উদ্ধাৰ হৈছে নে নাই সেই সন্দৰ্ভত কোনো স্পষ্ট তথ্য লাভ কৰা নাই।

এই সন্দৰ্ভত এজন বিষয়াই জনোৱা মতে, ইমেইলৰ জৰিয়তে এই ভাবুকি বাৰ্তা প্ৰেৰণ কৰা হৈছিল । যদিও বৰ্তমান পৰিস্থিতি স্বাভাৱিক।

নিশা ৰোমত পাইলট আৰু যাত্ৰীসকলক থকাৰ ব্যৱস্থা কৰা হয় । সোমবাৰে অতি সোনকালে নতুন দিল্লী অভিমুখে যাত্ৰা কৰিব এই বিমানখন।

Exit mobile version