Car Accident in Madhya Pradesh কুম্ভৰ পৰা উভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনাত কমেও ছয় গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু
প্ৰয়াগৰাজৰ মহাকুম্ভত পবিত্ৰ স্নান কৰি উভতি অহাৰ পথত সংঘটিত দুৰ্ঘটনাত কমেও ছয় গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হয়। আহত হয় আন দুজন।
সোমবাৰে পুৱা মধ্যপ্ৰদেশৰ জবলপুৰত বাছৰ স’তে হোৱা মুখা মুখি সংঘৰ্ষত জীপখন বাগৰি পৰে।
আৰক্ষীয়ে জনোৱা অনুসৰি, সকলো তীৰ্থযাত্ৰী কৰ্ণাটকৰ বেলাগাভি জিলাৰ বাসিন্দা। ফেব্ৰুৱাৰী ১৮ তাৰিখে, তেওঁলোক সকলোৱে এখন জীপ ভাড়া কৰি বেলাগাভিৰ পৰা প্ৰয়াগৰাজলৈ যাত্ৰা কৰিছিল।
জীপখন জবলপুৰৰ খিটোলা আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত পাহৰেভা গাঁৱৰ ওচৰত দুৰ্ঘটনাত পতিত হয়।
উল্লেখ্য যে,জীপৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অনুমান কৰা হয় ।
প্ৰথমে, জীপখনে ৰাষ্ট্ৰীয় ঘাইপথৰ এটা ডিভাইডাৰক খুন্দা মাৰে তাৰ পাছতে জীপখন ৰাস্তাৰ মাজলৈ বাগৰি আহে ।
ইয়াৰ পাছতে বিপৰীত দিশৰ পৰা অহা এখন বাছৰ স’তে জীপখনৰ মুখামুখি সংঘৰ্ষ হয়। যাৰ ফলত ঘটনাস্থলীতে ছয়জন তীৰ্থযাত্ৰীৰ মৃত্যু হয়।
বাকী দুজনক গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ শিহোৰাৰ এখন চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱা হয়। প্ৰাথমিক চিকিৎসাৰ পাছত, তেওঁলোকক জবলপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।