Ghagrapar:
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ছোট আল্লিয়া,সোণকুহিৰা, নমাটি ধৰি বিভিন্ন স্থানত নোনা নৈৰ বক্ষত বৃহৎ বৃহৎ পুখুৰী গঢ়ি উঠাৰ ৰাজহুৱা অভিয়োগ উঠিছে । কিন্তু এই ক্ষেত্ৰত ৰাজ্যৰ বিষাগোম বন,জলসম্পদ বিভাগকে ধৰি স্থানীয় প্ৰশাসন নীৰৱ-নিৰ্বিকাৰ ভুমিকা পালন কৰি আহিছে বুলি চৰ্চিত হৈছে। পিছে ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়াৰ বিষয়াই সংশ্লিষ্ট স্থানসমুহত অভিযান চলাবলৈ সাহস হ’বনে বুলিও ৰাইজৰ মাজত প্ৰশ্ন উদয় হৈছে।
সম্প্ৰতি ক্ষত-বিক্ষত হৈ পৰিছে নোনা নৈৰ বক্ষ।বিগত কিছু বছৰ ধৰি বেদখলকাৰীৰ কবলত পৰা নৈখনে যিকোনো মুহূৰ্ততে গতি সলোৱাৰ আশংকা ঘনীভূত হৈছে। সমাগত বাৰিষা সংশ্লিষ্ট স্থান সমুহৰ লগতে সঠামৌ,অৰৰা,বুৰবুৰী,দোদেটীয়ী জল সম্পদ বিভাগৰ ঠিকাদাৰ মথাউৰিৰ নিৰ্মাণৰ বিসংগতি পুৰ্ণ কামৰ বাবে নোনা নৈ যে ভাঙি ৰাইজক বিপদত নেপালব সেয়াও নুই কৰিব নোৱাৰি। শেহতীয়াভাৱে প্ৰশাসনৰ আশীৰ্বাদ পুষ্টি একাংশ বেদখলকাৰীয়ে ছোট আল্লিয়া,সোণকুহিৰীয়া,অৰৰা,নমাটি আদি স্থানত নৈখনৰ বক্ষত গঢ়ি তুলিছে প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী।
উল্লেখ্য যে নলবাৰী আৰু কামৰূপ জিলাৰ প্ৰায় সীমা নিৰ্ধাৰণকাৰী হিচাপে চিহ্নিত হৈ অহা নোনা নৈখনে খৰালি কালত শান্ত-শিষ্ট হৈ থাকে যদিও বাৰিষা ফেনেফোটাকাৰে ওফন্দি উঠি নৈপৰীয়া ৰাইজৰ মাজত প্ৰতি বছৰে ত্ৰাসৰ সৃষ্টি কৰি আহিছে।বিগত কেইবছৰমান পুৰ্বে নৈখনে কেইবাটাও ঠাইতে মথাউৰি ছিগি বানৰ সৃষ্টি কৰি ৰাইজক জুৰুলা কৰিছিল।লাহে লাহে পুনৰ নৈখনৰ গতিৰুদ্ধ নতুবা সলনি হোৱাৰ আংশকাত নৈপৰীয়া ৰাইজে দিন কটাব লগাত পৰিছে।
জানিব পৰা মতে নৈখনৰ বক্ষত চৰকাৰী সংৰক্ষিত ভুমি হিচাপে থাকিব লাগে যদিও একাংশ বেদখলকাৰীৰ সৈতে একাংশ প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীয়ে মিতিৰালি পাতি নৈখনৰ সোঁফালে অৰ্থাৎ পশ্চিম দিশৰ বক্ষত গঢ়ি তুলিছে প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী। নৈখনৰ জলাশয় আৰু মথাউৰি ভিতৰ ভাগত বালিচৰত খন্দা পুখুৰী সমুহৰ বাবে ইয়াৰ গতিয়ে বাৰিষা কালত প্ৰবল বাধা পাই আহিছে বুলি বিভিন্ন মহলত চৰ্চিত বিষয় হৈ পৰিছে।
জানিব পৰা মতে নদীটোৰ সোঁফালে নৈপৰীয়া গাঁও হিচাপে চিহ্নিত নাৰায়ণ গাঁৱত ৭৫ বিঘা,ছোট আল্লিয়াত ১৫৫ বিঘা,বালিপাৰাত ৬৬ বিঘা,ভিঠামহলত ৯৭ বিঘা মাটি চৰকাৰীভাৱে সংৰক্ষিত হৈ আছে। শেহতীয়াভাৱে ইয়াৰে অধিকাংশ ভুমিয়ে বাস্তৱ ক্ষেত্ৰত বেদখলকাৰীয়ে গ্ৰাস কৰি পেলাইছে বুলি ৰাজহুৱা অভিয়োগ উঠিছে।অভিয়োগ মতে নৈখনৰ সোঁফালে নমাটি,ছোট আল্লিয়া, অৰৰা,বালিপাৰা আদিত নৈৰ বক্ষত পুখুৰী খান্দি এটা দুষ্ট চক্ৰই দীৰ্ঘ বছৰ ধৰি মাছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে।ইফালে স্থানীয় প্ৰশাসন তথা সংশ্লিষ্ট বিভাগৰ নিৰ্লিপ্ত ভুমিকাৰ বাবে অঞ্চলটোৰ সচেতন মহল,বিভিন্ন দল-সংগঠনে জাঙুৰ খাই উঠিছে।
ইফালে নৈখনৰ বাহিৰে-ভিতৰে আৰু মথাউৰিটোত একাংশ সন্দেহ জনক নাগৰিকে নিশাটোৰ ভিতৰত গৃহ সাজি বসবাস কৰিবলৈ লৈছে বুলি বিগত দিনত বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি স্থানীয় ৰাজহ চক্ৰৰ কাৰ্যলয়ত স্মাৰক পত্ৰ দিছিল যদিও দীৰ্ঘদিন ধৰি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি জানিব পৰা গৈছে।ইফালে নৈখনত নিশা একাংশ দুষ্ট লোকে খনন কাৰ্য অব্যাহত ৰাখিছে যদিও স্হানীয় প্রশাসন তথা বন বিভাগে পৰোক্ষ সহয়োগ আগবঢ়াই আহিছে বুলি অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ, নলবাৰী জিলা সমিতিৰ যুটীয়া সম্পাদক ইন্টাজৰ ৰহমানে অভিযোগ উখাপন কৰিছে। পিছে এই ক্ষেত্ৰত নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা,নলবাৰী জিলা আয়ুক্ত বৰ্নালী ডেকাই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।