Maha Kumbh 2025:মহাকুম্ভত উপস্থিত জনপ্ৰিয় অভিনেত্ৰী কেটৰিনা কাইফ

kaif

Maha Kumbh 2025:

২৬ ফেব্ৰুৱাৰী অৰ্থাৎ বুধবাৰে মহাকুম্ভৰ অন্তিম দিন। ইয়াৰ পূৰ্বেই, মহাকুম্ভত উপস্থিত হ’ল বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কেটৰিনা কাইফ আৰু তেওঁৰ শাহু । বিকি কৌশল বৰ্তমান তেওঁৰ আহিবলগীয়া ছবি ‘ চাৱা’ৰ প্ৰচাৰত ব্যস্ত, কিন্তু ছবিখনৰ মুক্তিৰ আগতে বিকিয়ে কুম্ভত আহি পুণ্য স্নান কৰে ।

ADVERTISEMENT

উল্লেখ্য যে, বিভিন্ন সময়ত কেটৰিনাক শাহুৱেকৰ স’তে দেখিবলৈ পোৱা যায় । খ্ৰীষ্টমাছে হওঁক বা দেৱালীয়ে হওঁক, অভিনেত্ৰী গৰাকীয়ে এই সকলো উৎসৱ পৰিয়ালৰ স’তে উদযাপন কৰে। ইফালে মহাকুম্ভত উপস্থিত হৈ কেনে অনুভৱ হ’ল সেই কথাও শ্বেয়াৰ কৰিলে অভিনেত্ৰীগৰাকীয়ে | সোমবাৰে কুম্ভত উপস্থিত হোৱাৰ লগে লগে মহাৰাজ স্বামী চিদানন্দ সৰস্বতীৰ আখৰাত দেখা গ’ল কেটৰিনাক।

পৰমাৰ্থৰ নিকেতন আশ্ৰমৰ সাধুসন্ত সকলৰ স’তে মত বিনিময়ত ব্যস্ত অভিনেত্ৰীগৰাকী। গোলাপৰ পাহিৰে আদৰণি জনোৱা হ’ল কেটৰিনাক। পিন্ধাই দিয়া হ’ল মণিৰ মালা । কেটৰিনাই কয়, “এইটো এটা আচৰিত অনুভৱ।” মই নিজকে ভাগ্যৱান বুলি অনুভৱ কৰোঁ। এই পৰিৱেশ, ইয়াৰ সৌন্দৰ্য্যৰ এক সুকীয়া তাৎপৰ্য আছে। এতিয়াৰ বাবে মই মহাৰাজৰ লগত কথা পাতিম। ” মহাকুম্ভত ‘আধ্যাত্মিকভাৱে’ নিমজ্জিত অভিনেত্ৰী।

Exit mobile version