Basil পুৱাৰ চাহ কাপত দি খাওক তুলসীৰ পাত !
আচৰিত হ’ব ইয়াৰ চমৎকাৰী উপকাৰিতা দেখি
ৰাতিপুৱা শুই উঠাৰ পাছতে বহুতৰে একাপ চাহ খোৱাৰ অভ্যাস আছে । চাহৰ কাপত চুমুক নিদিয়ালৈকে যেন দিনটোৰ আৰম্ভণিয়ে নহয় ।
চাহ বিভিন্ন প্ৰকাৰে বনাই খাব পাৰি । চাহৰ বিভিন্ন খাদ্য বস্তু যোগ দিলে ইয়াৰ উপকাৰিতা বৃদ্ধি পায়।
আপুনি আপোনাৰ পুৱাৰ চাহকাপত তুলসী মিশ্ৰণ কৰি খাই পাইছে নে ? নাই পোৱা যদি আজিয়ে খায় চাওক । খুৱাদৰ লগতে আছে এই চাহৰ বহুতো গুণ।
* যিহেতু তুলসীত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু আৱশ্যকীয় পদাৰ্থ থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। ইয়াৰ এন্টিমাইক্ৰ’বিয়াল গুণ আছে যিয়ে সংক্ৰমণ আৰু ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে ।
* তুলসীয়ে পেট ফুলা আৰু বদহজম কমাই পাচনতন্ত্ৰক শান্ত কৰাত সহায় কৰে। ইয়াৰ উপৰিও ইয়াৰ এন্টি-ইনফ্লেমেটৰী গুণে পেটৰ এচিডিটি আৰু গেছৰ দৰে সমস্যাও হ্ৰাস কৰিব পাৰে
* তুলসী থকা এডাপ্টোজেনিক গুণে, শৰীৰক মানসিক চাপৰ লগত খাপ খুৱাই লোৱাত সহায় কৰে। তুলসী চাহ খালে কৰ্টিছলৰ মাত্ৰা (ষ্ট্ৰেছ হৰম’ন) হ্ৰাস কৰাত সহায় কৰিব পাৰে, যাৰ ফলত শিথিলতা আৰু মানসিক সুস্থতা বৃদ্ধি পায়।
* তুলসীয়ে শ্বাস-প্ৰশ্বাসজনিত অৱস্থাৰ পৰা উপশম পোৱাৰ বাবেও সহায় কৰে । চৰ্দি আৰু কাহৰ লক্ষণ দেখা দিলে তুলসী চাহ খালে হ্ৰাস হ’ব পাৰে।