Road Accident in Jharkhand:মহাকুম্ভৰ পৰা উভতি অহাৰ পথত পথ দুর্ঘটনাৰ কৱলত জেএমএম ৰ সাংসদ !

MAHUA

Road Accident in Jharkhand:

মহাকুম্ভত পবিত্ৰ স্নান কৰি উভতি অহাৰ সময়ত এক পথ দুৰ্ঘটনাত পতিত হয় । ঝাৰখণ্ড মুক্তি মৰ্চাৰ (জেএমএম) এখন ট্ৰাকৰ স’তে খুন্দা খাই ওলোটাই পৰে সাংসদ মহুয়া মাঝিৰ গাড়ী । দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় সাংসদ গৰাকী। বৰ্তমান তেওঁক ৰাঁচীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

তথ্য অনুসৰি, আজি পুৱা প্ৰায় চাৰি বজাত দুৰ্ঘটনাটো সংঘটিত হয়। জেএমএম ৰাজ্যসভাৰ সাংসদ গৰাকীৰ স’তে তেওঁৰ পুত্ৰ আৰু বোৱাৰীও আছিল।পৰিয়ালৰ স’তে মহাকুম্ভলৈ গৈছিল সাংসদগৰাকী। ঘৰলৈ উভতি যোৱাৰ পথতে তেঁওৰ গাড়ীখনে ৰাষ্ট্ৰীয় ঘাইপথ-৩৯ৰ লাতেহাৰত এখন ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰে।

ঘটনাটো পোহৰলৈ অহাৰ লগে লগে স্থানীয় লোকে প্ৰথমে উদ্ধাৰ অভিযান আৰম্ভ কৰে। ইয়াৰ পাছতে তথ্যৰ ভিত্তিত, আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। মহুয়াক প্ৰথমে প্ৰাথমিক চিকিৎসাৰ বাবে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। পাছত, চিকিৎসকসকলে জেএমএম সাংসদজনক ৰাঁচীৰ আৰআইএমএছ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Exit mobile version