Telangana Tunnel Collapsed:চাৰি দিন উকলিল ! এতিয়াও সন্ধান পোৱা নাই তেলেংগানাৰ সুৰংগত আৱদ্ধ আঠ শ্রমিকৰ

tunnel

Telangana Tunnel Collapsed:

ইতিমধ্যেই চাৰি দিন পাৰ হৈ গ’ল। তেলেংগানাৰ সুৰংগটোত আৱদ্ধ আঠজন শ্ৰমিকক এতিয়াও উদ্ধাৰ কৰা হোৱা নাই। উদ্ধাৰকাৰী দলে কঠোৰ পৰিশ্ৰম কৰি আছে যদিও বৰ্তমানৰ লৈকে কোনো লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।উল্লেখ্য যে উদ্ধাৰ কাৰ্যত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ সদস্যসকলে প্ৰতিটো পদক্ষেপতে বাধাৰ সন্মুখীন হৈছে। অৱশ্যে ইয়াৰ মাজতে দেখিবলৈ পোৱা গৈছে আশাৰ ৰেঙনি ।

ADVERTISEMENT

তথ্য অনুসৰি ইতিমধ্যে ঘটনাস্থলীৰ ওচৰত উপস্থিত হৈছে উদ্ধাৰকাৰী এটা দল । যদিও বৰ্তমানৰ লৈকে আৱদ্ধ শ্ৰমিকসকলৰ স’তে যোগাযোগ কৰা সম্ভৱ হোৱা নাই। তেলেংগানাৰ শ্ৰীশৈলম সুৰংগৰ এটা অংশ শনিবাৰে পুৱা প্ৰায় ৮.৩০ বজাত খহি পৰে । দুৰ্ঘটনাটোৰ সময়ত আঠজন শ্ৰমিকে সুৰংগটোত কাম কৰি আছিল। সুৰংগটো খহি পৰাৰ ফলত শ্ৰমিকসকল তাতে আৱদ্ধ হৈ পৰে ।

ইয়াৰ পাছতে উদ্ধাৰকাৰীসকলে জনাই যে তেওঁলোকে শ্ৰমিকসকলৰ স’তে সম্পৰ্ক হেৰুৱাইছে। তথ্য লাভ কৰাৰ পাছতে, আৰম্ভ হয় উদ্ধাৰ অভিযান। আজি দুৰ্ঘটনাটো চাৰি দিন উকলি যোৱাৰ পাছতো শ্ৰমিকসকলৰ কোনো সন্ধান পোৱা নাই । ইফালে শ্ৰমিকসকলৰ সন্ধান নোপোৱাত চিন্তিত হৈ পৰিছে তেঁওলোকৰ পৰিয়ালবৰ্গ । সময় যিমানেই গৈছে সিমানেই উৎকণ্ঠা আৰু উদ্বেগ বাঢ়ি আহিছে।

Exit mobile version