Sudanese Military Aircraft Crash:
সুদানত ভয়ংকৰ বিমান দুৰ্ঘটনা। সামৰিক বিমান ভাঙি পৰে । সংবাদ সংস্থা এ এফ পিৰ তথ্য অনুসৰি এই দুৰ্ঘটনাত কমেও ৪৬ জন লোকৰ মৃত্যু হৈছে। অৱশ্যে হতাহতিৰ আনুষ্ঠানিক খবৰ এতিয়াও নিশ্চিত হোৱা নাই । সুদানৰ ৰাজধানী খাৰ্তুমৰ ওমদুৰমানত বিমানখন অৱতৰণ কৰাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। ঘটনাটোত কেবাজনো সেনা বিষয়া নিহত হোৱাৰ খবৰ পোৱা গৈছে।
মৃতসকলৰ ভিতৰত কেবাজনো মহিলা আৰু শিশুও আছিল। প্ৰাথমিক অনুসন্ধনৰ অনুসৰি কাৰিকৰী ভুলৰ বাবেই এই ঘটনা সংঘটিত হয়। উল্লেখ্য যে,ইয়াৰ পূৰ্বে জানুৱাৰী মাহত ইউনিটি প্ৰভিন্সৰ এটা তেল খনিৰ অঞ্চলৰ ৰাণৱেৰ পৰা এখন বিমান ৰাজধানী জুবালৈ ৰাওনা হৈছিল। অৱশ্যে স্থানীয় সময় অনুসৰি প্ৰায় ১০:৩০ বজাত বিমানখন বিমানবন্দৰৰ পৰা ৫০০ মিটাৰ দূৰত দুৰ্ঘটনাগ্ৰস্ত হয়।
দক্ষিণ সুদানৰ চৰকাৰৰ মতে, এই দুৰ্ঘটনাত বিমানখনৰ পাইলট আৰু সহ-পাইলটৰো মৃত্যু হয়। যাত্ৰীসকল আটাইকেইজন তৈলক্ষেত্ৰৰ শ্ৰমিক। ইয়াৰে ১৬ জন সুদানী, দুজন চীনা, এজন ভাৰতীয়। দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ সুদানৰ তৈলক্ষেত্ৰৰ অভিযন্তা। উল্লেখ্য যে, দুৰ্ঘটনাটোৰ পাছতে ততাতৈয়াকৈ তেওঁক বেনিটুই ৰাজ্যিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।ইফালে সেই দুৰ্ঘটনাৰ কিছু দিনৰ পাছতে পুনৰ বিমান দুৰ্ঘটনাত কমেও ৪৬ জন লোকে প্ৰাণ হেৰুৱাইছে।