Awards to journalists Dotma Press Club:বিভিন্ন শিতানত ১৬ গৰাকী ব্যক্তিলৈ দোতমা প্ৰেছ ক্লাৱ আৰু কোকৰাঝাৰ জিলা জাফাৰ বঁটা প্ৰদান

দৈনিক অগ্ৰদূত'ৰ বাৰ্তা সম্পাদক চেমিম চুলতানা আহমেদক "শ্ৰেষ্ঠ বাতৰি সম্পাদনা বঁটা

award

Awards to journalists Dotma Press Club:

সাংবাদিক সংগঠন জাফাৰ কোকৰাঝাৰ জিলা সমিতি আৰু দোতমা প্ৰেছ ক্লাৱে প্ৰতি বছৰৰ দৰে এইবাৰো বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানটি চিথিলা ভিচিডিচিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰে।

অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা পতাকা উত্তোলন কৰে দোতমা প্ৰেছ ক্লাৱ সভাপতি কৃষ্ণ বৰ্মনে। ইপিনে দুপৰীয়া ১২ বজাত বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। কোকৰাঝাৰ জিলা জাফা আৰু দোতমা প্ৰেছ ক্লাৱৰ তৰফৰ পৰা মানপত্ৰ,কোচ-ৰাজবংশী আংচা আৰু ট্ৰফীৰে বিভিন্ন শিতানত ১৬ গৰাকী বিশেষ ব্যক্তিক বঁটা প্ৰদান কৰে।

দৈনিক অগ্ৰদূত’ৰ বাৰ্তা সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক চেমিম চুলতানা আহমেদক “শ্ৰেষ্ঠ বাতৰি সম্পাদনা বঁটা”,এন ডি ২৪ ৰ গোসাঁইগাওঁৰ সাংবাদিক উৎপল দেক “গ্ৰাম্য সাংবাদিকতা বঁটা”, প্ৰতিদিন টাইমৰ কাজলগাঁওৰ সাংবাদিক জয়ন্ত দেবনাথক “গ্ৰাম্য সাংবাদিকতা বঁটা”,পাব্লিক নিউজ এন ইৰ সাংবাদিক বন্দনা বৰ্মনক “উদীয়মান সাংবাদিকতা বঁটা”, অসমীয়া প্ৰতিদিনৰ তামাৰহাটৰ সাংবাদিক ললিত চন্দ্ৰ ৰায়ক “গ্ৰাম্য সাংবাদিকতা বঁটা”,বডোছা কাকতৰ সাংবাদিক মৌগথাং বসুমতাৰীক “যুৱ সাংবাদিকতা বঁটা”,কাজলগাঁওৰ প্ৰদীপ বসুমতাৰী আৰু চিথিলাৰ কনকেশ্বৰ ৰায়ক “বিশিষ্ট সমাজকৰ্মী বঁটা”,ৰুণিখাতা আৰক্ষী থানাৰ অ চি বিপ্লৱ কোঁৱৰক “শ্ৰেষ্ঠ আৰক্ষী বিষয়া বঁটা”, আক্ৰাছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুনাধৰ ৰায়ক “যুৱ ছাত্ৰ নেতা বঁটা”,পূৱ ডেৱৰবিল নিম্ন প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষক বদিয়ত জামাল সেখক “শ্ৰেষ্ঠ শিক্ষকতা বঁটা”,তাপস সৰকাৰক “বিশিষ্ট কন্ঠশিল্পী বঁটা”,নিতুমনি বৰ্মনক “শিশু শিল্পী বঁটা”, ভাৰতীয় জনতা যুৱ মৰ্চাৰ কোকৰাঝাৰ জিলাৰ সাধাৰণ সম্পাদক বৃন্দাবন ৰায়ক “যুৱ ৰাজনীতিবিদ বঁটা”,দিবাকৰ সিংহক “শ্ৰেষ্ঠ খেলুৱৈ বঁটা”, বৈষ্ণৱ কোচক ‘যুৱ নেতা বঁটা” প্ৰদান কৰে।

 বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে দোতমা প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ধনকেশ বৰ্মন, উপ- সভাপতি ভীষ্ম সৰকাৰ,জাফাৰ কেন্দ্ৰীয় সভাপতি অভিদ্বীপ চৌধুৰী,সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়, কেএচিৰ চীফ জীবেশ ৰায়,অধ্যক্ষ হিতেশ্বৰ বৰ্মন, কেএচিৰ ই এম কৰ্মেশ্বৰ ৰায়,সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি দেৱ কুমাৰ শইকীয়া, সমাজকৰ্মী ৰূপম দত্তৰ লগতে আন কে’বা গৰাকী বিশিষ্ট ব্যক্তি ৷

Exit mobile version