Telangana Tunnel Collapse:১৬৮ ঘণ্টা পাৰ হৈ গ’ল ! সুৰংগত এতিয়াও আৱদ্ধ হৈ আছে আঠজন শ্রমিক !

তেলেংগানাত উদ্ধাৰকাৰ্যত নামিল ৰে'ল

telegana

Telangana Tunnel Collapse:

১৬৮ ঘন্টা পাৰ হৈ গ’ল! তেলেংগানাৰ ভাঙি পৰা সুৰংগটোৰ ধ্বংসাৱশেষৰ তলত এতিয়াও আবদ্ধ হৈ আছে আঠজন শ্ৰমিক।

সময়ৰ লগে লগে বৃদ্ধি পাইছে উদ্বেগ । এইবাৰ উদ্ধাৰ কাৰ্যত নামিল চাউথ চেণ্ট্ৰেল ৰে’লৱেই । প্রয়োজনীয় সা-সঁজুলি লৈ ঘটনাস্থলীত উপস্থিত হয় দুটা দল। ৰে’লৱে সূত্ৰৰ মতে, কৰ্মচাৰীসকলে বিভিন্ন মানদণ্ডৰ যন্ত্ৰৰ সহায়ত গধুৰ লোৰ বস্তু কাটিবলৈ পাৰদৰ্শী। তথ্য অনুসৰি, ৰে’লৱেই উদ্ধাৰ অভিযানৰ বাবে নিৰ্দেশনা পোৱাৰ পাছত ইতিমধ্যেই এটা দল ঘটনাস্থলীলৈ ৰাওনা হয়।

ডিভিজন মেকানিকেল ইঞ্জিনিয়াৰ এছ মুৰালিৰ নেতৃত্বত জ্যেষ্ঠ ছেকচন ইঞ্জিনিয়াৰ, দুজন টেকনিচিয়ানক প্ৰেৰণ কৰা হয়। মূলতঃ লোহাৰ বস্তু কাটিবলৈ তেওঁলোক পাকৈত। উল্লেখ্য যে বৃহস্পতিবাৰে নিশা ঘটনাস্থলীলৈ আন এটা দলো প্ৰেৰণ কৰা হয়। “জিলা উপায়ুক্তই লো আৰু তীখাৰ ধ্বংসাৱশেষ পৰিষ্কাৰ কৰিবলৈ দক্ষিণ মধ্য ৰে’লৱেৰ সহায় বিচাৰিছে। “

তেলেংগানাৰ জলসিঞ্চন মন্ত্ৰীয়ে বৃহস্পতিবাৰে জনাই যে উদ্ধাৰ অভিযান পূৰ্ণ গতিত চলি আছে। উদ্ধাৰ অভিযান দুদিনৰ ভিতৰত সম্পূৰ্ণ হ’ব। দুৰ্ঘটনাটোৰ পাছত, সেনা, এনডিআৰএফ আৰু নৌসেনাৰ বিষয়াসকল উদ্ধাৰ অভিযানত নামে। ইয়াক ৰেট হোল মাইনাৰ্ছ বুলিও কোৱা হয়। সেই দলটোৰ নেতৃত্বত আছে মুন্না কুৰেশ্বি। এই মুন্নাইয়ে উত্তৰকাশী সুৰংগত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকৰ উদ্ধাৰ অভিযানৰ নেতৃত্ব দিছিল । এইবাৰ, ৰে’লৱেই উদ্ধাৰ অভিযান আৰম্ভ কৰে।

উল্লেখ্য যে,শনিবাৰে পুৱা, শ্ৰমিকৰ এটা দলে তেলেংগানাৰ নগৰকুৰনুল জিলাৰ শ্ৰীশৈলম বান্ধত অৱস্থিত সুৰংগটোত এটা লিকেজ সমস্যা মেৰামতি কৰিবলৈ গৈছিল। সুৰংগটোৰ ভিতৰত প্ৰায় ১৪ কিলোমিটাৰ নিলগত হঠাৎ সুৰংগটোৰ ছাদখন ভাঙি পৰে । এই মৰ্মান্তিক দুৰ্ঘটনাৰ বাবে ভিতৰত কমেও আঠজন লোক সুৰংগটোত আবদ্ধ হৈ পৰে।

প্ৰশাসনৰ দাবী অনুযায়ী, ছাদৰ প্ৰায় ১০ মিটাৰ অংশ খহি পৰাৰ ফলত প্ৰায় ২০০ মিটাৰ এলেকাত বোকা বিয়পি পৰে। দুৰ্ঘটনাটোৰ পাছত জিলা দণ্ডাধীশ বি সন্তোষে জনাই যে যিসকল আৱদ্ধ হৈ আছিল তেওঁলোকৰ স’তে কোনো ধৰণে যোগাযোগ কৰিব পৰা নগ’ল। উল্লেখ্য যে , বৰ্তমানলৈকে উদ্ধাৰ কাৰ্য অব্যাহত আছে যদিও উদ্ধাৰকাৰীসকলে শ্ৰমিকসকলৰ কোনো সন্ধান পাবলৈ সক্ষম হোৱা নাই ।

Exit mobile version