GSPI:
গ্ল’বেল ছফট পাৱাৰ ইনডেক্স (জিএছপিআই)ৰ তালিকাত দ্বিতীয় স্থান লাভ কৰিলে চীনে। ষষ্ঠ জিএছপিআই তালিকাত বিশ্বৰ সবাতোকৈ প্ৰভাৱশালী দেশ হিচাপে প্ৰথম স্থান লাভ কৰিছে আমেৰিকাই। ব্ৰেণ্ড ফাইনেন্সে এই তালিকা প্রস্তুত কৰিলে। এইবাৰৰ তালিকাত চীনে ব্ৰিটেইনক অতিক্ৰম কৰি দ্বিতীয় স্থান দখল কৰিলে। মুঠ ১০০ অংকৰ চীনে লাভ কৰিলে ৭২.৮ অংক।
ADVERTISEMENT
ইফালে, আমেৰিকাই লাভ কৰিলে ১০০ৰ ভিতৰত ৭৯.৫ শতাংশ নম্বৰ। জিএছপিআই তালিকাত ভাৰতে এইবাৰ ২৯ সংখ্যক স্থান লাভ কৰিলে। উল্লেখ্য যে ২০২৩ত একেখন তালিকাত ভাৰতৰ স্থান আছিল ২৮ সংখ্যক। চলিত বৰ্ষৰ তালিকাত ভাৰতৰ স্থান এক অৱনমিত হ’ল। গ্ল’বেল ছফট পাৱাৰ ইনডেক্সৰ জৰিয়তে বিশ্বৰ দেশসমূহৰ প্ৰভাৱ নিৰ্ণয় কৰা হয় ।