Horoscope: আজি দিনটো কেনেদৰে পাৰ হ’ব

horoscope new

Horoscope:

মেষ: নতুন বন্ধু লগ পোৱাৰ সম্ভাৱনা দেখা যায়। অগ্নিৰ পৰা সাৱধান থাকক। প্ৰেমৰ ক্ষেত্ৰত শান্তি বজায় থাকিব। আর্থিকভাবে অশান্তি হ’ব পাৰে। ভ্ৰমণৰ দিশৰ শুভ ফল। শুভ ৰং নীলা। শুভ সংখ্যা ৪।

বৃষ: নতুন ব্যৱসায়ৰ বাবে উচ্চপদস্থ কোনো ব্যক্তিৰ লগত আলোচনা হ’ব পাৰে। প্ৰিয়জনৰ বাবে ঘৰত বিবাদ হ’ব। শিক্ষার্থীসকলৰ বাবে আজি দিনটো শুভ ফল। শুভ ৰং বগা। শুভ সংখ্যা ২।

মিথুন: চাকৰিৰ স্থানত কামৰ চাপ বৃদ্ধি হ’ব পাৰে। আর্থিকভাৱে কষ্ট হোৱাৰ কাৰণে স্ত্ৰীৰ লগত বিবাদ হোৱাৰ যোগ। বিদেশৰ পৰা বন্ধুৰ লগত কথা হোৱাৰ সম্ভাৱনা। শুভ ৰং কমলা। শুভ সংখ্যা ৬।

কর্কট: শত্ৰুৰ পৰা সাৱধানে থাকক। চাকৰিৰ স্থানত উন্নতি হোৱাৰ সুযোগ। প্রিয়জনৰ লগত বিবাহ হ’ব পাৰে। বন্ধুৰ সহায়ৰ বাবে কিছু ধৰণৰ সমস্যাৰ পৰা মুক্ত হ’ব পাৰিব। শুভ ৰং মাটিয়া। শুভ সংখ্যা ৮।

সিংহ: বৃথা ভ্ৰমণৰ হোৱাৰ যোগ। অতিৰিক্ত খঙৰ বাবে বিপদ হ’ব পাৰে। পৰাপক্ষত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক পঢ়া-শুনাৰ প্ৰতি মনোযোগ দিয়ক। বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। শুভ ৰং ৰঙা। শুভ সংখ্যা ৬।

কন্যা: ব্যৱসায়ৰ দিশত কামৰ দায়িত্ব বাঢ়িব পাৰে। অৰ্শ জাতীয় ৰোগ বাঢ়িব পাৰে। পঢ়া-শুনাৰ বাবে সুনাম বাঢ়িব। প্রিয়জনৰ লগত বিবাদ হ’ব পাৰে। শুভ ৰং ছাই। শুভ সংখ্যা ১।

তুলা: সন্তানৰ বাবে খৰচ বৃদ্ধি। স্ত্ৰীৰ প্ৰতি অভিমান বাঢ়িব পাৰে। কামৰ চাপৰ বাবে শৰীৰত কষ্ট বৃদ্ধি হ’ব। সম্পত্তিৰ বাবে খৰচ বাঢ়িব পাৰে। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৮।

বৃশ্চিক: দুৰ্বলতাৰ সুযোগ ল’ব পাৰে সকলোৱে। ব্যৱসায়ৰ ক্ষেত্ৰত সমস্যাৰ পৰিমাণ বাঢ়িব পাৰে। আত্মীয়জন ঘৰলৈ অহাৰ সম্ভাৱনা দেখা যায়। শিক্ষাত শুভ। শুভ ৰং মাখন। শুভ সংখ্যা ২।

ধনু: বাহিৰৰ অশান্তি ঘৰত আহিব পাৰে। নতুন ব্যৱসায় আৰম্ভ নকৰাই ভাল। কর্মস্থানত বাধা আহিব পাৰে। ঘৰুৱা দিশত খৰচ বৃদ্ধি। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৭।

মকৰ: বিবাহিত জীৱনৰ মাজত অশান্তি হ’ব পাৰে। ব্যৱসায় ক্ষেত্ৰত চাপ বাঢ়িব পাৰে। আনৰ কথা শুনি যিকোনো ব্যৱসায় আৰম্ভ নকৰিব, নহ’লে বিপদ হ’ব পাৰে। শুভ ৰং ক’লা। শুভ সংখ্যা ৫।

কুম্ভ: সন্তানৰ বাবে কষ্ট বাঢ়িব পাৰে। সংসাৰৰ খৰচৰ বাবে স্ত্ৰীৰ লগত বিবাদ হ’ব পাৰে। কর্মস্থানত ব্যস্ত হোৱাৰ বাবে শৰীৰত অশান্তি হ’ব পাৰে। শিক্ষাত বাধা দেখা যায়। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৪।

মীন: নতুন গৃহ নির্মাণ হোৱাৰ সম্ভৱনা। ব্যৱসায় দিশত ভাল বুদ্ধিৰ বাবে আয় বৃদ্ধি হ’ব। গঠনমূলক কামৰ বাবে উন্নতিৰ পথত বাধা দেখা যাব। শুভ বং ক’লা। শুভ সংখ্যা ৫।

 

Exit mobile version