Sarbananda Sonowal “মাতৃৰ কোলা হৈছে পৃথিৱীৰ সৰ্বোৎকৃষ্ট শিক্ষানুষ্ঠান“: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
“মোদী চৰকাৰৰ দিনত নাৰীশক্তিৰ সশক্তিকৰণে এখন সৰ্বাংগসুন্দৰ আৰু আত্মনিৰ্ভৰ সমাজ তথা ৰাষ্ট্ৰ গঢ়াৰ পথ প্ৰশস্ত কৰিছে“: সোণোৱাল
সদৌ অসম সোণোৱাল কছাৰী নাৰী সন্থাৰ ডিব্ৰুগড়ত আয়োজিত কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ
“নাৰীশক্তি – সমাজৰ, ৰাষ্ট্ৰৰ অন্যতম গুৰুত্বপূৰ্ণ চালিকাশক্তি। নাৰীশক্তিৰ সশক্তিকৰণে এখন সৰ্বাংগসুন্দৰ আৰু আত্মনিৰ্ভৰ সমাজ তথা ৰাষ্ট্ৰ গঢ়াৰ পথ প্ৰশস্ত কৰে”, সোণোৱাল কছাৰী জনগোষ্ঠীৰ নাৰী সমাজৰ উত্তৰণ তথা সবলীকৰণত সবল ভূমিকা পালন কৰি অহা সদৌ অসম সোণোৱাল কছাৰী নাৰী সন্থাৰ ডিব্ৰুগড়ত আয়োজিত কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি এই মন্তব্য কৰে।
ঋগ্বেদৰ উদ্ধৃতি দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয়, “যুগে যুগে এখন সৰ্বাংগসুন্দৰ সমাজ আৰু ৰাষ্ট্ৰ গঢ়াৰ ক্ষেত্ৰত মানৱীয় প্ৰমূল্যবোধেৰে নাৰীয়ে আটাইতকৈ বেছি গধুৰ দায়িত্ব লৈ আহিছে৷ মাতৃৰ কোলা হৈছে পৃথিৱীৰ সৰ্বোৎকৃষ্ট শিক্ষানুষ্ঠান৷ প্ৰতিগৰাকী মাতৃয়েই নিজৰ সন্তানক যোগ্যতা আহৰণৰ বাবে অনুপ্ৰেৰণা দিয়ে আৰু আমাক জীৱনপথত সাহসেৰে আগুৱাই যোৱাৰ পথ দেখুৱায়৷ কষ্ট নকৰিলে, চেষ্টা নকৰিলে নিজৰ শক্তি আৰু যোগ্যতাৰ উমান পোৱাটো সম্ভৱ নহয়৷ প্ৰগতিৰ বাবে আমাক প্ৰযুক্তি নিশ্চয় লাগে, কিন্তু তাৰ লগতে মানৱতাও সমানেই জৰুৰী৷ মানৱতা অবিহনে প্ৰগতি সম্ভৱ নহয়৷ মানৱতাক প্ৰাধান্য দিলেহে আমি আমাৰ মাজত থকা দানৱক পৰাজিত কৰিব পাৰিম৷” আজিৰ এই তীব্ৰ প্ৰতিযোগিতামূলক পৃথিৱীখনত নিজৰ দক্ষতা, দৃঢ়তা, প্ৰতিভা আৰু নিষ্ঠাৰ বলত সোণোৱাল কছাৰী জনগোষ্ঠীক আগবঢ়াই নিয়াৰ প্ৰয়োজনীয়তাত গুৰুত্ব দিয়ে সৰ্বানন্দ সোণোৱালে৷ “সফলতাৰ বাবে কোনো চমু বাট নাই, প্ৰতিযোগিতা আৰু প্ৰত্যাহ্বানৰ মাজেৰেই সফলতাৰ চিৰি বগাব লাগিব। শিক্ষা, সংস্কৃতি আৰু ক্ৰীড়া- এই তিনিটা মাধ্যমৰ জৰিয়তে অসমৰ প্ৰতিটো জাতি-জনজাতিয়ে আগবাঢ়ি যাব লাগিব। সোণোৱাল কছাৰী সম্প্ৰদায়টোক আগৰণুৱা কৰিবলৈ আমি কামে-কাজে নিদৰ্শন দেখুৱাব লাগিব, কথাৰে নহয়। আৰু এইক্ষেত্ৰত প্ৰধান দায়িত্ব ল’ব লাগিব নাৰী সমাজে, পৰিৱৰ্তনৰ বাবে পদক্ষেপ ল’ব লাগিব, পৰিশ্ৰম কৰিব লাগিব৷ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দৈনিক প্ৰায় ১৮ ঘণ্টাকৈ কাম কৰাৰ যি কৰ্মস্পৃহা, নিষ্ঠা আৰু একাগ্ৰতা দেখুৱাই আহিছে, তাক আমি সকলোৱে ৰাষ্ট্ৰৰ হিতাৰ্থে অনুকৰণ কৰিব লাগিব। নাৰীশক্তি মহাশক্তি, নাৰীশক্তি দেশৰ চালিকাশক্তি, এই নাৰীশক্তিয়ে সকলো দিশতে একবিংশ শতিকাক আগুৱাই নিব। আমাৰ চৰকাৰে বিগত দহ বছৰতকৈও অধিক সময় ধৰি নাৰী সবলীকৰণৰ দিশত যথেষ্ট গুৰুত্ব আৰোপ কৰি আহিছে। ভাৰতৰ কোটি কোটি মহিলাই এতিয়া আত্মনিৰ্ভৰশীল হোৱাৰ উপৰি দেশৰ সৰ্বাংগীণ প্ৰগতি তথা অৰ্থনীতিত গুৰুত্বপূৰ্ণ অৰিহণা যোগাবলৈ ধৰিছে। ২০৪৭ চনৰ ভিতৰত এখন আত্মনিৰ্ভৰ তথা উন্নত ভাৰত গঢ়াৰ দিশত আগভাগ ল’বলৈ জনগোষ্ঠীটোৰ মহিলাশক্তিক আহ্বান জনালোঁ। নাৰীশক্তি সবল হোৱা মানেই দেশৰ প্ৰগতি আৰু সমৃদ্ধি ক্ষিপ্ৰতৰ হোৱা।”