Gaograper:ঘগ্রাপাৰত চুৰি বাতৰি কাকতৰ টোপোলা 

papers

Gaograper:

আপুনি হয়তো বিভিন্ন সামগ্ৰী চুৰি কৰাৰ খবৰ প্ৰায়েই পাই থাকে। কিন্তু এইবাৰ নলবাৰী জিলা ঘগ্রাপাৰত চুৰি হ’ল বিভিন্নখন বাতৰি কাকতৰ টোপোলা।আজি পুৱতি নিশা সংঘটিত হৈছে এই ঘটনা। ঘগ্রাপাৰ ৰাষ্ট্ৰীয় ঘাইপথ সমীপৰ বাতৰি কাকত এজেঞ্চি মামনি এন্টাৰপ্রাইজৰ সন্মুখৰ পৰাই চোৰে লৈ গল অসমীয়া প্ৰতিদিন, নিয়মীয়া বাৰ্তা,দৈনিক অসম, দা আছাম ট্রিবিউন আদি বাতৰি কাকতৰ টোপোলা।

ADVERTISEMENT

প্ৰতিদিনাৰ দৰে ঘগ্রাপাৰ হাইৱে চ’কৰ সমীপত বাতৰি কাকত বিতৰণ কৰা বাহনে এজেঞ্চিৰ সন্মুখত থৈ গৈছিল কাকতৰ টোপোলা। কিন্তু তাৰ পিছতে অন্তৰ্ধান হয় কাকতৰ উক্ত টোপোলো সমুহ।

ঘগ্রাপাৰৰ মামনি এন্টাৰপ্রাইজৰ স্বত্তাধিকাৰী মদন দাসে জনোৱা অনুসৰি, পূৰ্বেতে এদিনো এনে চুৰিকাণ্ড সংঘটিত হোৱা নাছিল যদিও কেতিয়বা ২ -১ এখন পেপাৰ চুৰি হৈছিল। আৰক্ষীৰ ওচৰত এই সন্দৰ্ভত অৱগত কৰা হৈছে যদিও চুৰিকাণ্ডৰ সন্দৰ্ভত কোনো তথ্য পোহৰলৈ অহা নাই।

Exit mobile version