Uttar Pradesh Assembly:গুটখাৰ ৰঙেৰে ৰঙা হ’ল উত্তৰ প্রদেশৰ বিধানসভা !

up assaembly

Uttar Pradesh Assembly:

ভাৰতৰ প্ৰায় অধিকাংশ চহৰৰ ৰাস্তাবোৰ গুটখা, পান মচলা পিকেৰে ৰঙা হৈ থকা দেখিবলৈ পোৱা যায় ! উত্তৰ প্ৰদেশ আৰু বিহাৰৰ দৰে ৰাজ্যই এই আসক্তিত ভাৰতৰ বাকী অংশক পৰাস্ত কৰিছে। এইবাৰ যোগী ৰাজ্যৰ বিধানসভাৰ ভিতৰতে গুটখা খাই থু পেলোৱাৰ অভিযোগ উত্থাপন হৈছে একাংশ বিধায়কৰ বিৰুদ্ধে।

ADVERTISEMENT

বিধানসভাৰ অধ্যক্ষ সতীশ মহানাই নিজেই এই বিষয়ে অৱগত কৰে। এনে ঘটনাৰ পাছতে এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে।মঙলবাৰে অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে বিধানসভাৰ সদস্যসকলক চমু ভাষণ প্ৰদান কৰে সতীশ মহানাই।

তেওঁ কয়,”আজি পুৱা খবৰটো শুনি মই নিজেই থিয় হৈ সভাৰ মজিয়া চাফা কৰিলোঁ। চিচিটিভি ফুটেজত দেখা গৈছে বিধায়কে গুটখা খাই থু পেলোৱা। মই তেওঁলোকৰ নাম ৰাজহুৱাভাৱে লোৱা নাই কিয়নো তেওঁলোকে সাধাৰণ মানুহৰ সমালোচনাৰ সন্মুখীন হ’ব পাৰে।

মই বিধানসভাৰ সকলো সদস্যক অনুৰোধ কৰিছো, কাৰোবাক এই কাম কৰা দেখিলে বাধা দিয়ক । বিধানসভা কক্ষ পৰিষ্কাৰ কৰি ৰখাটো আমাৰ কৰ্তব্য।”

উল্লেখ্য যে,মহাকুম্ভ মেলা ২৫ ফেব্ৰুৱাৰীত সমাপ্ত হয় । সকলোৱে যোগী প্ৰশাসনক পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত ‘সম্পূৰ্ণ নম্বৰ’ দিয়ে । সেই উত্তৰ প্ৰদেশত খোদ বিধানসভাৰ ভিতৰত বিধায়কসকলৰ বিৰুদ্ধে থু পেলোৱা অভিযোগে গৰিহণাৰ ধুমুহাৰ সৃষ্টি কৰিছে।

Exit mobile version