Trump-Jinping:
আমেৰিকাৰ বিৰুদ্ধে কঠোৰ সতৰ্কবাণী জাৰি কৰিলে চীনে। যিকোনো ধৰণৰ যুদ্ধৰ বাবে তেওঁলোক সাজু বুলিও জনাইছে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আৰোপ কৰা নতুন বাণিজ্যিক শুল্কৰ প্ৰতি সঁহাৰি জনাই দেশখনে। বুধবাৰে নিশা বিবিচিয়ে প্ৰকাশ কৰা বাতৰি অনুসৰি বিশ্বৰ দুখন বৃহৎ অৰ্থনীতি আমেৰিকা আৰু চীন ক্ৰমান্বয়ে বাণিজ্য যুদ্ধৰ দিশে আগবাঢ়িছে।
ট্ৰাম্প প্ৰশাসনে চীনৰ সামগ্ৰীৰ ওপৰত নতুন শুল্ক আৰোপ কৰাৰ পাছতে চীনে ইয়াৰ প্ৰতিশোধ লৈ আমেৰিকাৰ কৃষিজাত সামগ্ৰীৰ ওপৰত ১০ৰ পৰা ১৫ শতাংশ শুল্ক আৰোপ কৰে। উল্লেখ্য যে, শেহতীয়াকৈ চীনৰ দূতাবাসে এক্স মিডিয়াত প্ৰকাশ কৰা এক বিবৃতিত কয়,’ যদি আমেৰিকাই যুদ্ধ বিচাৰে, সেয়া শুল্ক যুদ্ধ হওক, বাণিজ্য যুদ্ধ হওক বা আন যিকোনো যুদ্ধ হওক — চীন শেষলৈকে যুঁজিবলৈ সাজু।’
ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পাছত চীনে দিয়া কঠোৰ বক্তব্যৰ ভিতৰত এয়া অন্যতম। বেইজিঙত অনুষ্ঠিত হোৱা বাৰ্ষিক নেশ্যনেল পিপলছ কংগ্ৰেছত বিশ্বৰ নেতাসকলে সমবেত হোৱাৰ সময়তে এই মন্তব্য কৰে। বুধবাৰে চীনৰ প্ৰধানমন্ত্ৰী লি কিয়াঙে ঘোষণা কৰে যে ২০২৫ চনত চীনে পুনৰ প্ৰতিৰক্ষা বাজেট ৭.২ শতাংশ বৃদ্ধি কৰিব। তেওঁ সকীয়াই দিয়ে যে বিশ্বত যুগ যুগ ধৰি দেখা নোপোৱা দ্ৰুত পৰিৱৰ্তন এতিয়া ঘটিছে।
বিবিচিৰ মতে, বেইজিংৰ নেতাসকলে চীনা লোকসকলক আশ্বস্ত কৰিব বিচাৰিছে যে বাণিজ্য যুদ্ধৰ ভাবুকি স্বত্বেও দেশখন অৰ্থনৈতিক বিকাশৰ দিশে আগবাঢ়িছে। চীনে নিজকে এক স্থিৰ আৰু শান্তিপূৰ্ণ দেশ হিচাপে প্ৰক্ষেপ কৰিব বিচাৰে, য’ত ই আমেৰিকা যুক্তৰাষ্ট্ৰক মধ্য প্ৰাচ্য আৰু ইউক্ৰেইনৰ যুদ্ধৰ স’তে জড়িত এখন দেশ হিচাপে উপস্থাপন কৰে।
ইফালে, ট্ৰাম্প প্ৰশাসনেও মেক্সিকো আৰু কানাডাৰ দৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিত্ৰশক্তিকো শুল্কৰ অধীনত ৰাখিছে। চীনে এই পৰিস্থিতিৰ সুবিধা ল’ব পাৰে আৰু বিশ্বজুৰি নতুন অংশীদাৰক আকৰ্ষিত কৰিব বিচাৰিব পাৰে। কিন্তু দেশখনে অতিৰিক্ত উত্তেজনা সৃষ্টি কৰিব নিবিচাৰে। চীনৰ বৈদেশিক মন্ত্ৰালয়ে আমেৰিকাক অন্যায়ভাৱে চীনক হেঁচা প্ৰয়োগ কৰাৰ লগতে মিছা অভিযোগ উত্থাপন কৰাৰ অভিযোগ উত্থাপন কৰিছে; বিশেষকৈ ফেণ্টানাইল ঔষধৰ সন্দৰ্ভত।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই কয়,”ভয় দেখুৱালে আমাক ভয় খুৱাব নোৱাৰে। আমাক অত্যাচাৰ বা হেঁচা দি একো অৰ্জন কৰিব নোৱাৰে। চীনৰ স’তে মীমাংসা কৰাৰ সঠিক উপায় হ’ল পাৰস্পৰিক সন্মান আৰু সমতাৰ আধাৰত আলোচনা কৰা। ‘
আমেৰিকা-চীনৰ সম্পৰ্ক সদায় বিশ্বৰ ৰাজনীতিৰ অন্যতম উত্তপ্ত বিষয় হৈ আহিছে। শেহতীয়াকৈ চীনৰ কঠোৰ স্থিতি ট্ৰাম্প প্ৰশাসনৰ নীতিৰ বিৰুদ্ধে চীনৰ প্ৰতিক্ৰিয়া হিচাপে চাব পাৰি। বিশেষজ্ঞসকলৰ মতে ট্ৰাম্প প্ৰশাসনৰ চীন বিৰোধী কৌশলৰ প্ৰতি সঁহাৰি জনাই বেইজিং অধিক আক্ৰমণাত্মক হৈ পৰিছে।
ইতিমধ্যে ৰাষ্ট্ৰপতি জিনপিঙে গ্ৰাহকৰ ব্যয় হ্ৰাস, গৃহ নিৰ্মাণৰ সংকট আৰু নিবনুৱা সমস্যাৰ স’তে যুঁজি আছে। চীনৰ অৰ্থনীতি বৃদ্ধিৰ বাবে শ শ কোটি ডলাৰ বিনিয়োগ কৰাৰ পৰিকল্পনা ঘোষণা কৰিছে। ৰাষ্ট্ৰীয় জনগোষ্ঠী কংগ্ৰেছৰ অধিৱেশনতো এই পৰিকল্পনা সন্দৰ্ভতো আলোচনা কৰা হয়।
চীনৰ সামৰিক বাজেট বিশ্বৰ দ্বিতীয় বৃহত্তম, বৰ্তমান ২৪৫ বিলিয়ন ডলাৰ। কিন্তু আমেৰিকাতকৈ যথেষ্ট কম। ষ্টকহোম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠান (SIPRI)ৰ তথ্য অনুসৰি চীনে সামৰিক খণ্ডত জিডিপিৰ ১.৬ শতাংশ ব্যয় কৰে, যিটো আমেৰিকা বা ৰাছিয়াতকৈ বহু কম। উল্লেখ্য যে ,বিশ্বজুৰি বাণিজ্য আৰু ৰাজনৈতিক অশান্তিৰ মাজতে চীন-আমেৰিকাৰ সম্পৰ্কৰ ভৱিষ্যতে কোন দিশে যাব তাক লৈ চিন্তিত হৈ পৰিছে আন্তজাতিক মহল।