UAE শ্বাহজাদীৰ পাছত দুই ভাৰতীয়ক ফাঁচী আমিৰ শ্বাহিত !

The case of Shahzadi Khan sentenced to death aft 1741269954479

UAE শ্বাহজাদীৰ পাছত দুই ভাৰতীয়ক ফাঁচী আমিৰ শ্বাহিত !

ADVERTISEMENT

শ্বাহজাদী খানৰ মৃত্যুদণ্ডৰ পাছত , এইবাৰ সংযুক্ত আৰৱ আমিৰ শ্বাহিত আৰু দুজন ভাৰতীয় নাগৰিকক ফাঁচী দিয়া হৈছে। আজি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই কথা জানিবলৈ দিয়ে ।

মৃত্যুদণ্ড দিয়া ভাৰতীয় দুগৰাকীৰ নাম মহম্মদ ৰিনাশ আৰংগিলোট্টু আৰু মুৰলীধৰণ পেৰামতত্ত ভেলাপ্পিল।কেৰালাৰ এই দুই বাসিন্দা দুটা হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত হয়।

যোৱা ১৫ ফেব্ৰুৱাৰীত সংযুক্ত আৰৱ আৰু আমিৰশ্বাহীৰ আইন অনুসৰি শ্বাহজাদীৰ মৃত্যুদণ্ড সম্পন্ন কৰা হৈছে । ফেব্ৰুৱাৰী ২৮ তাৰিখে ভাৰতীয় দূতাবাসক মহিলাগৰাকীক ফাঁচী দিয়াৰ বিষয়ে আনুষ্ঠানিকভাৱে অৱগত কৰা হয়।

উল্লেখ্য যে একেদিনাই আন দুজন ভাৰতীয় নাগৰিককো ফাঁচী দিয়া হৈছিল। আজিৰ দিনটোত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনাইছে যে মৃতকৰ পৰিয়ালক এই বিষয়ে অৱগত কৰা হৈছে। তেওঁলোকৰ স’তে যোগাযোগত আছে ভাৰতীয় দূতাবাস।

মৃত্যুদণ্ডৰ প্ৰাপ্ত দুই ভাৰতীয়ৰ ভিতৰত অন্যতম মুৰলীধৰণ ২০০৯ চনৰ পৰা কাৰাগাৰত বন্দী হৈ আছে। সেই সময়ত তেওঁৰ পিতৃ কেছাৱনে কেৰালাৰ মুখ্যমন্ত্ৰী উমেন চাণ্ডী আৰু অন্যান্য ৰাজনীতিবিদৰ স’তে যোগাযোগ কৰিছিল।

আনহাতে ৰিনাশ আৰু তেওঁৰ পৰিয়ালৰ কোনো তথ্য জানিব পৰা হোৱা নাই।

Exit mobile version