Donald Trump প্ৰচুৰ ব্যয় ! অবৈধ অনুপ্ৰৱেশকাৰীৰ বিতাড়নত ট্ৰাম্প প্ৰশাসনে বন্ধ কৰিলে সামৰিক বিমান সেৱা

donaldyyy

Donald Trump প্ৰচুৰ ব্যয় ! অবৈধ অনুপ্ৰৱেশকাৰীৰ বিতাড়নত ট্ৰাম্প প্ৰশাসনে বন্ধ কৰিলে সামৰিক বিমান সেৱা

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীসকলক বহিষ্কাৰ কৰিবলৈ সামৰিক বিমান ব্যৱহাৰ সাময়িকভাৱে বন্ধ কৰিছে ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে ।

ADVERTISEMENT

এক মাৰ্চত অবৈধ অনুপ্ৰৱেশকাৰীক কঢ়িয়াই নিয়া এখন সামৰিক বিমানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা উৰা মাৰে। তেতিয়াৰ পৰাই, অবৈধ ভাৰতীয়সকলক বিতাড়ন কৰিবলৈ আৰু কোনো পেন্টাগন বিমান ব্যৱহাৰ কৰা হোৱা নাই।

চৰকাৰী সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত আমেৰিকাৰ প্ৰেছ “ৱাল ষ্ট্ৰীট জাৰ্নেল”ত প্ৰকাশ পাইছে যে এই সিদ্ধান্ত লোৱা হৈছে কাৰণ অবৈধ বাসিন্দাসকলক সামৰিক বিমানেৰে নিজৰ দেশলৈ ঘূৰাই পঠোৱাৰ প্ৰক্ৰিয়াটো যথেষ্ঠ ব্যয়বহুল।

দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হোৱাৰ পাছত ট্ৰাম্পে আমেৰিকাৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰাৰ উদ্যোগ লৈছে।

ভাৰতে আমেৰিকাৰ সামৰিক বিমান চি-১৭ (গ্ল’বমাষ্টাৰ) আৰু চি-১৩০ ব্যৱহাৰ কৰি,গুৱেটামালা, ইকুৱেডৰ, পেৰু, হণ্ডুৰাছ, ইত্যাদি ট্ৰাম্পৰ প্ৰশাসনে অবৈধ ভাৰতীয় বাসিন্দাক বিভিন্ন দেশলৈ ঘূৰাই পঠিয়াইছে। ইয়াৰে কেবাখনো দেশত সামৰিক বিমান প্ৰেৰণৰ ফলত আমেৰিকাৰ তুলনামূলকভাৱে অধিক ব্যয় কৰিছে।

সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি সেই সামৰিক বিমানত আমেৰিকাৰ পৰা এজন অবৈধ নাগৰিকক গুৱেটামালালৈ পঠিয়াবলৈ ট্ৰাম্প প্ৰশাসনে ৪৬৭৫ মাৰ্কিন ডলাৰ পৰিশোধ কৰিবলগীয়া হৈছে । ভাৰতীয় মুদ্ৰাত ই প্ৰায় চাৰি লাখ টকা।

আনহাতে আমেৰিকাৰ পৰা গুৱেটামালালৈ একেটা পথতে বাণিজ্যিক বিমানেৰে এজন অবৈধ বাসিন্দা পঠিয়াবলৈ ৮৫৩ মাৰ্কিন ডলাৰ খৰচ হৈছে। যি ভাৰতীয় মুদ্ৰাত প্ৰায় ৭৪ হেজাৰ টকা।

আনকি ট্ৰাম্প ক্ষমতালৈ অহাৰ আগতেই আমেৰিকাৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীক বিভিন্ন সময়ত নিজ নিজ দেশলৈ ঘূৰাই পঠিওৱা হৈছে। বিগত সময়ত আমেৰিকাই সাধাৰণতে বাণিজ্যিক চাৰ্টাৰ বিমানেৰে অবৈধ অনুপ্ৰৱেশকাৰীক ঘৰলৈ পঠিয়াইছিল।

জো বাইডেন আমেৰিকাৰ ৰাষ্ট্ৰপতি থকাৰ সময়ত অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ভাৰতলৈ আহিছিল আমেৰিকাৰ চাৰ্টাৰ বিমান ।

এই বিমানখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ শুল্ক আৰু প্ৰব্ৰজন সেৱা (আইচিই)ৰ দ্বাৰা পৰিচালিত হয়। কিন্তু দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পাছত, ট্ৰাম্পে সেই পথত আগবাঢ়িব নিবিচাৰিলে।

ট্ৰাম্পে প্ৰথমে বিভিন্ন দেশৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীসকলক সামৰিক বিমানত ঘূৰাই পঠিয়াবলৈ আৰম্ভ কৰে, কিন্তু কেবাটাও সমস্যাই দেখা দিয়ে । তাৰে এটা হৈছে চি-১৭ গ্লোবমাষ্টাৰ বিমানৰ পথ।

এই সামৰিক বিমানখনে মেক্সিকান আকাশপথ ব্যৱহাৰ কৰিব নোৱাৰে। ফলস্বৰূপে, কেবাটাও গন্তব্যস্থানলৈ যাত্ৰা কৰিব লগা হৈছিল।

এনে পৰিস্থিতিত বৰ্তমান হোৱাইট হাউচে অবৈধ বাসিন্দাসকলক বহিষ্কাৰ কৰিবলৈ পেন্টাগনৰ দ্বাৰা সামৰিক বিমানৰ ব্যৱহাৰ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।

Exit mobile version