TAHAWWUR RANA আমেৰিকাত আশ্ৰয় আৱেদন নাকচ, ভাৰতলৈ প্ৰত্যাৰ্পণৰ পথত মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড
ভাৰতলৈ উভতি আহিলে তীব্ৰ নিৰ্যাতনৰ বলি হ’ব!
এই সন্দৰ্ভত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল তাহাউৰ ৰাণাই।
কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ আদালতে ২৬/১১ আক্ৰমণৰ মূল অভিযুক্তৰ এই আবেদন খাৰিজ কৰে ।
অৰ্থাৎ কুখ্যাত সন্ত্ৰাসবাদীজনে আমেৰিকাত আৰু আশ্ৰয় নাপাব । ৰাণাৰ ভাৰতলৈ প্ৰত্যাৰ্পণৰ এতিয়া মাথোঁ সময়ৰ অপেক্ষা সময়ৰ । ইতিমধ্যে দুয়োখন দেশৰ মাজত প্ৰত্যাৰ্পণৰ প্ৰক্ৰিয়া চলি আছে সূত্ৰই প্ৰকাশ কৰিছে।
উল্লেখ্য যে, যোৱা মাহত আমেৰিকা ভ্ৰমণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সেই সময়তে তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ স’তেও সাক্ষাৎ কৰে।
দ্বিপাক্ষিক বৈঠকৰ পাছত ট্ৰাম্পে কয়, “মই ঘোষণা কৰি আনন্দিত যে মোৰ প্ৰশাসনে ২০০৮ চনৰ মুম্বাই আক্ৰমণৰ এজন মুখ্য ষড়যন্ত্ৰকাৰীক ভাৰতক হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছে।” বিশ্বৰ আটাইতকৈ বিপদজনক লোকসকলৰ মাজৰ এজন, তেওঁ ভাৰতৰ ন্যায়িক ব্যৱস্থাৰ সন্মুখীন হ’ব। ”
ৰাণাই প্ৰত্যাৰ্পণ প্ৰক্ৰিয়াৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপে। তেওঁৰ অধিবক্তাই ভাৰত চৰকাৰ একনায়কত্ববাদী বুলি দাবী কৰে।
সেইয়ে ‘পাকিস্তানী মুছলিম’ ৰাণাৰ ন্যায়িক প্ৰক্ৰিয়াৰ নিৰপেক্ষতা বজাই ৰখা নহ’ব। মুছলমান পৰিচয়ৰ বাবেই ৰাণাক অত্যাচাৰ কৰা হ’ব।
শাৰীৰিক অসুস্থতাৰ বাবে মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ডে ন্যায়িক প্ৰক্ৰিয়াৰ হেঁচা ল’ব নোৱাৰিব।
আমেৰিকাৰ উচ্চতম ন্যায়ালয় আছিল ৰানাৰ শেষ আশা। কিন্তু সেই আশাৰ অন্ত পৰিল বৃহস্পতিবাৰে। ৰানাৰ আবেদন নাকচ কৰে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে। গতিকে কুখ্যাত সন্ত্ৰাসবাদীজনক আমেৰিকাত থাকিবলৈ দিয়া নহ’ব। ফলত মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ডক ভাৰতক প্ৰত্যাৰ্পণ কৰাৰ বাহিৰে আন কোনো বিকল্প নাই।
তথ্য অনুসৰি ভাৰত আৰু আমেৰিকাৰ মাজত প্ৰত্যাৰ্পণ প্ৰক্ৰিয়া চলি আছে। যিহেতু ৰাণাক আৰু আমেৰিকাত আশ্ৰয় দিয়া নহ’ব, সেয়েহে তেওঁক ভাৰতলৈ ঘূৰাই অনাৰ পাছত অতি সোনকালে বিচাৰ আৰম্ভ হ’ব বুলি সূত্ৰই প্ৰকাশ কৰিছে।