নির্মাণ আৰু পৰীক্ষা সমাপ্ত, অহা ১৯ এপ্ৰিলত প্রধানমন্ত্রী মোদীয়ে উদ্বোধন কৰিব বিশ্বৰ সর্বোচ্চ ৰেলসেতু

1744049408 kashmir bridge

Chenab Bridge ইতিমধ্যে নিৰ্মাণ আৰু প্ৰয়োজনীয় পৰীক্ষণ সম্পূৰ্ণ হৈছে। ১৯ এপ্ৰিলত জম্মু-কাশ্মীৰৰ ৰিয়াছিত বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলংখন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

ADVERTISEMENT

সোমবাৰে এই কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যখনৰ বিজেপি নেতা জিতেন্দ্ৰ সিঙে।

দলংখন সাগৰ পৃষ্ঠৰ পৰা ১,৩১৫ মিটাৰ উচ্চতাত উধমপুৰ-শ্ৰীনগৰ-বাৰামুলা ৰে’ল সংযোগ প্ৰকল্পৰ (ইউএছবিআৰএল) অংশ। প্ৰায় ৪৯০ মিটাৰ উচ্চতাৰ এই দলংখন ইউএছবিআৰএল ৰেল প্ৰকল্পৰ ৯২৭খন দলঙৰ ভিতৰত তৃতীয়খন দীৰ্ঘতম দলং ।

উল্লেখ্য যে ,দলংখনে আঠ প্ৰাবল্যলৈকে ৰিখটাৰ স্কেলত ভূমিকম্পৰ সন্মুখীন হ’বলৈ সক্ষম হ’ব। ৰে’ল মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, দলংখন আনুমানিক ২৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে।

Exit mobile version