লক্ষীপুৰত দিন-দুপৰতে কিশোৰীৰ ৰহস্যজনক মৃত্যু  

ডিঙি চেপি হত্যাৰ সন্দেহ আৰক্ষীৰ

dead 759

গোৱালপাৰাৰ লক্ষীপুৰত সোমবাৰে দিন-দুপৰতে নিজ গৃহৰ কাষতে উদ্ধাৰ হয় এগৰাকী ন’বছৰীয়া কন্যাৰ মৃতদেহ । মৃতদেহটোৰ ডিঙিৰ চৌদিশে আছিল আঘাতৰ স্পষ্ট চিহ্ন ।

ADVERTISEMENT

মৃত ন’বছৰীয়া কণ্যাগৰাকী হৈছে লক্ষীপুৰ থানা অধীনৰ নিদানপুৰ দ্বিতীয় খণ্ড গাঁৱৰ শ্বাহ আলী মণ্ডলৰ কণ্যা স্বৱনম পাৰবিন ।

ঘটনাটোৱে অঞ্চলটোত এতিয়াও এক শোকাকূল পৰিৱেশে বিৰাজ কৰিছে ।

অভিযোগ অনুসৰি, দিন হাজিৰা কৰি পৰিয়ালটিক পোহ-পাল দিয়া স্ববনমৰ পিতৃ- মাতৃয়ে সিদিনাও কৰ্মসূত্ৰে পূৱাৰ ভাগত ঘৰৰ পৰা ওলাই গৈছিল ।

তেতিয়া ঘৰত আছিল শ্বাহ আলী মণ্ডলৰ দহ বছৰীয়া পুত্ৰ মস্তফা মণ্ডল , ন’বছৰীয়া কণ্যা স্ববনম পাৰবিন আৰু তেওঁৰ পুত্ৰ বোৱাৰী হাশিদা খাতুন ।

পৰৱৰ্তী সময়ত স্ববনম আৰু দহ বছৰীয়া ভাতৃ মস্তফাই সমনীয়াৰ লগত খেলিবৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল।

দুপৰীয়াৰ ভাগত ভাতৃ-ভগ্নীয়ে একেলগে ঘৰলৈ উভতি আহে আৰু ভাতৃ মস্তফাই ভগ্নী স্ববনমক ঘৰত থৈ তেওঁ পুনৰ খেলিবলৈ ওলাই যায় ।

তাৰ পাছতে ,আবেলি তিনি মান বজাত মস্তফাই নিজ ঘৰৰ পদুলিত উপস্থিত হৈ চোতালৰ এক আওহতীয়া ঠাইত ভগ্নী স্ববনমক পৰিত্যক্ত অৱস্থাত প্ৰত্যক্ষ কৰে ।

লগে লগে মস্তফাই চিঞৰ-বাখৰ কৰিবলৈ লোৱাত স্হানীয় লোকে প্ৰথমতে হতবাক হয় । পাছত , ওচৰ-চুবুৰীৰ লোকে স্ববনমক ততাতৈয়াকৈ লক্ষীপুৰ মহকুমা স্বাস্থ্য কেন্দ্ৰ লৈ নিয়ে যদিও চিকিৎসকে ইতিপূর্বে মৃত বুলি সদৰী কৰে ।

মৃতদেহটোৰ ডিঙিৰ চৌদিশে স্পষ্ট আঘাতৰ চিহ্ন দেখি কোনো দুৰ্বৃত্তই পৰিকল্পিতভাবে ডিঙি চেপি নিৰ্মমভাবে হত্যা কৰা বুলি স্হানীয় ৰাইজৰ সন্দেহ ঘণীভূত হৈছে ।

ইপিনে , এই ঘটনাৰ খবৰ পাই লক্ষীপুৰ আৰক্ষীয়ে লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটোৰ ডিঙিত আঘাতৰ স্পষ্ট চিহ্ন প্ৰত্যক্ষ কৰি আৰক্ষীয়েও বিষয়টো ভাবিবলৈ বাধ্য কৰিছে ।

তদন্তৰ খাতিৰত আৰক্ষীয়ে লগে লগে মৃত কিশোৰীৰ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে নবৌয়েক হাশ্বিদা খাতুনকো সোধা – পোছাৰ বাবে আটক কৰি লক্ষীপুৰ থানা লৈ নিয়ে ।

মৃত কন্যা শিশু স্ববনমৰ পৰিয়ালৰ লোকে এই ৰহস্যজনক নিৰ্মম হত্যাকাণ্ড সংক্ৰান্তত ন্যায় বিচাৰি ইতিমধ্যেই লক্ষীপুৰ থানাত এখন এজাহাৰ দাখিল কৰে ।

আনহাতে , এজাহাৰৰ ভিত্তিত আৰক্ষী বিষয়া মনেশ্বৰ বে’য়ে ৪৯/২০২৫ নম্বৰ গোচৰৰ ১০৩ ( ১ ) বি এন এছ অধীনত ধাৰা ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখা বুলি প্ৰকাশ কৰে ।

Exit mobile version