নৈশ ক্লাৱৰ ছাদ খহি নিহত কমেও ৭৯ জন 

2025 04 08t164740z 2130041565 rc2mtdahhp6y rtrmadp 3 dominican republic nightclub

Dominican Republic nightclub : ডমিনিকাৰ ৰাজধানী চহৰত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। আইকনিক নাইট ক্লাবৰ সময়ত খহি পৰিল বৃহৎ ছাদ।

ADVERTISEMENT

মঙলবাৰে মাজনিশা সংঘটিত হোৱা দুৰ্ঘটনাটোত প্ৰায় ৭৯ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ১৬০ গৰাকী লোক আহত হয় ।

এই পৰ্যন্ত ১৫৫ জন লোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হৈছে। অব্যাহত আছে উদ্ধাৰৰ কাম ।

তথ্য অনুসৰি,ঘটনাটোৰ সময়ত নাইট ক্লাৱত উপস্থিত আছিল দেশখনৰ ৰাজনীতিবিদ, খেলুৱৈ তথা বিশিষ্ট নাগৰিকসকলৰ সহ প্ৰায় এহেজাৰৰো অধিক লোক ।

উল্লেখ্য যে, মঙলবাৰে পুৱতি নিশা জেট ছেট নাইটক্লাবৰ এটা মহলা খহি পৰাৰ ফলত নাইটক্লাবটো ধ্বংসস্তূপত পৰিণত হয় ।

ইতিমধ্যেই ধ্বংসাৱশেষ আঁতৰাই প্ৰায় ৪০০জন উদ্ধাৰকাৰীয়ে সন্ধানহীন লোকসকলক উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ।

ইফালে এই ঘটনাই সমগ্ৰ দেশতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে । দেশ-বিদেশৰ বহু প্ৰখ্যাত নেতাই শোক প্ৰকাশ কৰিছে ।প্ৰশাসনে সমগ্ৰ বিষয়টো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

Exit mobile version