বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ

IMG 20250409 144440

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ দামামা বাজি উঠাৰ লগে লগে ৰাজনৈতিক দলবোৰৰ মাজত তৎপৰতা তুংগত উঠিছে। এইবাৰ আনুষ্ঠানিকভাৱে কেৱল আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদতহে দলীয় প্রার্থী নিৰ্বাচনত অৱতীৰ্ণ হ’ব।

ADVERTISEMENT

ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনৰ বাবে অহা ১১ এপ্রিল মনোনয়ন দাখিলৰ অন্তিম দিন।লক্ষ্যণীয়ভাৱে মনোনয়ন দাখিললৈ মাজত মাথোঁ দুটা দিনহে বাকী থকা অৱস্থাত প্রার্থী তালিকা চূড়ান্ত হোৱা নাই দলবোৰৰ মাজত।

এই নির্বাচনতো ৰাজ্যৰ শাসনাধিষ্ঠ মিত্ৰজোঁটে মিত্ৰতাৰেই অৱতীৰ্ণ হ’বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বিপৰীতে বিৰোধীয়ে এককভাৱে প্ৰতিদ্বন্দ্বিতাৰ বাবে আগবাঢ়িছে।

অৱশ্যে বিৰোধী হিচাপে অকল কংগ্ৰেছেহে অধিকাংশ আসনত প্রতিদ্বন্দ্বিতা কৰিব। বিৰোধীৰ আন দলবোৰে সীমিত সংখ্যক আসনত প্রার্থী প্ৰক্ষেপ কৰিব। বিজেপি মৰ্চাত প্রার্থিত্বকেন্দ্রিক বিষয়টো অদ্যাপি বহু সমষ্টিত জটিলতাত আছে।

আজিলৈকে জিলা পৰিষদৰ আটাইবোৰ সমষ্টিত মিত্রতাকেন্দ্ৰিক সিদ্ধান্ত চূড়ান্ত হোৱা নাই। ইয়াৰ পৰিপ্ৰেক্ষিতত দলটোৰ দায়িত্বপ্রাপ্ত মন্ত্ৰীসকলে জিলাই জিলাই গৈ অগপৰ নেতৃবৃন্দৰ লগত আলোচনাত মিলিত হৈছে।

ইপিনে, দলটোৰ মুখ্য কাৰ্যালয়ত প্রার্থিত্ব প্ৰত্যাশীৰ মঙলবাৰেও যথেষ্ট ভিৰ হয়। সমান্তৰালভাৱে প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনতো ভিৰ প্ৰত্যক্ষ কৰা হয় যদিও বিজেপিৰ তুলনাত নিচেই তাকৰীয়া ।

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত জিলা পৰিষদৰ প্রার্থিত্ব প্ৰত্যাশীৰ কালিৰ পৰাই ভিৰ বাঢ়ে। ইয়াৰ পৰিপ্ৰেক্ষিতত সভাপতি দিলীপ শ‍ইকীয়াই কালিৰ পৰা ৰাজ্যিক কাৰ্যালয়ত ব্যস্ত আছে।

ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা প্রার্থিত্ব প্ৰত্যাশী আৰু তেওঁলোকৰ সমৰ্থকক শ‍ইকীয়াই সাক্ষাৎ দিয়ে। সভাপতিক সাক্ষাৎ কৰি নিৰ্বাচনত প্রার্থিত্ব লাভ কৰাই হ’ল তেওঁলোকৰ মূল উদ্দেশ্য।

মঙলবাৰে কার্যালয়টোলৈ বিভিন্ন জিলাৰ পৰা কে’বাশ লোকৰ আগমন ঘটে। প্রার্থিত্ব প্ৰত্যাশী আৰু তেওঁলোকৰ সমৰ্থকৰ ভিৰত বাজপেয়ী ভৱন মঙলবাৰে নিশা একপ্ৰকাৰ ৰজনজনাই থাকে।

মিত্ৰদলৰ লগত হোৱা আলোচনাৰ অগ্ৰগতি আৰু সিদ্ধান্ত চূড়ান্ত হোৱা সমষ্টিবোৰৰ বিষয়ে আলোচনা কৰিবলৈ মঙলবাৰে নিশা দলটোৰ নিৰ্বাচন প্ৰৱন্ধন সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়।

আকৌ সম্প্ৰতি নেডাৰলেণ্ড ভ্ৰমণত থকা মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে নিশা সভাপতি দিলীপ শ‍ইকীয়াৰ লগত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এক আলোচনাত মিলিত হ’ব।

অসম গণ পৰিষদৰ লগত বুজাপৰা চূড়ান্ত নোহোৱা সমষ্টিবোৰক লৈয়ে দুয়োজন নেতা এই আলোচনাত মিলিত হ’ব। দলীয় কাৰ্যালয়ত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ বৃদ্ধিৰ সন্দৰ্ভত সভাপতি শ‍ইকীয়াই কয় যে বিজেপিৰ সংগঠন ইমান বিশাল হৈ পৰিছে যে প্রার্থিত্ব প্ৰত্যাশীৰ সংখ্যাও অভাৱনীয়ভাৱে বৃদ্ধি হৈছে।

তেওঁলোক সকলোৰে লক্ষ্য হ’ল বিজেপিক জয়যুক্ত কৰি দলটোক অধিক শক্তিশালী কৰা।প্ৰসংগক্ৰমে শ‍ইকীয়াই জনায় যে সম্পূৰ্ণ পৰিকল্পিতভাৱে তেওঁলোকে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে আগবাঢ়িছে।

তাৰে অংশ হিচাপে প্রার্থীসকলক সময়-সুবিধা সাপেক্ষে প্রশিক্ষণ পর্যন্ত দিয়াৰ কথা চিন্তা-চৰ্চা কৰা হৈছে। ইপিনে, ৰাজীৱ ভৱনতো শীর্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি মঙলবাৰে কে’বাখনো জিলাৰ পৰা অহা দলৰ বহু লোকে ভিৰ কৰে ।

তেওঁলোক সকলোৱে জিলা পৰিষদৰ প্রার্থিত্বকেন্দ্রিক বিষয়ক লৈয়ে বিশেষকৈ সভাপতি ভূপেন বৰাক সাক্ষাতৰ বাবে আহে। অৱশ্যে সভাপতি বৰা সম্প্ৰতি দলীয় সভাত অংশগ্ৰহণৰ বাবে এলাহাবাদত আছে।

সেয়েহে আগমন হোৱা মানুহবোৰে সভাপতিক নাপাই ৰাজীৱ ভৱনতে থকা দলৰ একাংশ মধ্যম পৰ্যায়ৰ নেতাক সাক্ষাৎ কৰি নিজৰ নিজৰ দাবী উপস্থাপন কৰিছে। কালি ৰাজীৱ ভৱনলৈ ৰঙিয়া, কমলপুৰ, বৰপেটা, গোৱালপাৰা আদিৰ পৰা অহা লোকে ভিৰ কৰে ।

এই প্ৰসংগতে প্ৰদেশ কংগ্ৰেছৰ সূত্ৰই জনায় যে জিলা পৰিষদবোৰৰ অধিকাংশ দলীয় প্ৰাৰ্থীৰ নাম ইতিমধ্যে চূড়ান্ত কৰা হৈছে। ৰাজ্যিক নেতৃত্বৰ অনুমোদন মর্মে জিলা কংগ্ৰেছ সমিতিয়ে নামবোৰ চূড়ান্ত কৰিছে।

প্রার্থিত্বকেন্দ্ৰিক বিষয়ক লৈ প্ৰদেশ কংগ্ৰেছত সংঘাতো বৃদ্ধি হৈছে। উদাহৰণ স্বৰূপে কালি হাইলাকান্দি জিলা কংগ্ৰেছৰ

কাৰ্যালয়ত মাৰপিটৰ ঘটনা সংঘটিত হয়। প্রার্থিত্ব প্রত্যাশী দুটা ফৈদৰ মাজত সৃষ্টি হোৱা সংঘাতময় পৰিস্থিতি আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলৈ বাধ্য হয় ৷

কংগ্ৰেছে কাইলৈৰ ভিতৰত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিব। জিলাবোৰক ইয়াৰ বাবে সম্পূর্ণ কর্তৃত্ব প্রদান কৰা হৈছে। একেদৰে বিজেপিয়ে কাইলৈ পুৱাৰ ভিতৰত অধিকাংশ জিলা পৰিষদৰ নাম চূড়ান্ত কৰিব।

দলীয় এনে তৎপৰতাৰ বিপৰীতে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ নিৰ্বাচনৰ বাবে প্রার্থিত্ব প্রত্যাশীসকলে মনোনয়ন সংগ্রহ প্রক্রিয়াও আৰম্ভ কৰিছে।

Exit mobile version