মহিলা কৰ্মচাৰীক যৌন নিৰ্যাতন চলাই চাকৰি হেৰুৱালে স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ সহায়কে

IMG 20250410 211902

অৱশেষত নিলম্বন হ’ল শ্ৰীভূমি জিলাৰ স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়া চাহাব উদ্দিন লস্কৰ।

ADVERTISEMENT

চাহাব উদ্দিন লস্কৰৰ বিৰুদ্ধে এগৰাকী মহিলা কৰ্মচাৰীয়ে আনিছিল নিৰ্যাতনৰ অভিযোগ।

এই অভিযোগৰ পাছতেই অভিযুক্ত চাহাব উদ্দিনৰ শাস্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল স্থানীয় দল সংগঠনে।

ইপিনে, অভিযোগৰ তদন্ত কৰিবলৈ স্বাস্থ্য বিভাগে গঠন কৰিছিল তদন্ত কমিটি।

তদন্ত কমিটিয়ে অভিযুক্ত চাহাব উদ্দিনক ক্লিনচিট দিছিল যদিও ভুক্তভোগী মহিলা গৰাকীয়ে পুনঃ আবেদন জনাইছিল স্বাস্থ্য সঞ্চালকালয় কাৰ্যালয়ত।

স্বাস্থ্য সঞ্চালকালয় কাৰ্যালয়ৰ পৰা শ্ৰী ভূমিলৈ তদন্ত কৰিবলৈ যোৱা বিষয়াই অভিযুক্ত চাহাব উদ্দিনক দোষী কৰাৰ পাছতেই চাকৰিৰ পৰা অব্যাহতি দিয়া হয় অভিযুক্ত বিষয়া গৰাকীক।

Exit mobile version