মুক্তিৰ দিনাই ১০ খন ছবিৰ অভিলেখ ভংগ ছানিৰ ‘জাট’ ৰ 

et00416952 stmuxhydge landscape

Jaat:ছানি দেউল অভিনীত ‘জাট’ ছবিখনে বৃহস্পতিবাৰে চিত্রগৃহত মুক্তি লাভ কৰিলে। দক্ষিণ ভাৰতৰ জনপ্ৰিয় পৰিচালক গোপীচন্দ মালিনেনিৰ নিৰ্দেশনাত নিৰ্মিত ‘জাট’-এ মুক্তিৰ দিনা ১০ খন ছবিৰ প্ৰথমদিনৰ ব্যৱসায়ৰ অভিলেখ ভংগ কৰিলে ।

ADVERTISEMENT

বৃহস্পতিবাৰে বিয়লি ৫-১০ বজালৈকে এই ছবিখনে দেশৰ বক্স অফিচত ৬.০৭ কোটি টকাৰ ব্যৱসায় কৰে।

চলচ্চিত্ৰ বাণিজ্যিক বিশ্লেষকৰ মতে, ছানিৰ এইখন ছবিয়ে প্রথমদিনা ১০-১২ কোটি টকাৰ ব্যৱসায় কৰা সম্ভাৱনা আছে।

প্রথমদিনৰ ব্যৱসায়ৰ ক্ষেত্ৰত ‘জাট’-এ ছাবা, ছিকন্দ, স্কাইফ’ৰ্চ, আজাদ, ইমার্জেন্সি, দেবা, বেডএছ ৰবিকুমাৰ, চনম তেৰী কচম, ক্রেজি, দ্য ডিপ্ল’মেট, লভয়াপা, ফতেহ আৰু মেৰী হাজবেণ্ড কি বিবীৰ দৰে ছবিৰ অভিলেখ ভংগ কৰিলে।

চলচ্চিত্র সমালোচকে উল্লেখ কৰা অনুসৰি যোৱা শতিকাৰ ৯০ দশকৰ একচন হিৰ’ হিচাপে ‘জাট’ত আকৌ এবাৰ আত্মপ্রকাশ কৰিলে ছানিয়ে।

ছবিখনে সমালোচকৰ পৰা ২.৫ৰ পৰা ৩.৫ ষ্টাৰ ৰেটিং লাভ কৰিছে।

Exit mobile version