Hair Care:১০ বছৰ বয়সৰ ওচৰ চাপি অহা অভিনেত্রী মাধুৰী দীক্ষিতৰ সৌন্দৰ্যই এতিয়াও সকলোৰে চকু কপালত তুলিছে। তেওঁৰ ছালখন যেনেকৈ টান, তেনেকৈয়ে চুলিবোৰো ৰেচমৰ দৰে চিকচিকিয়া। ‘তেজাব’ৰ নায়িকাগৰাকীয়ে এতিয়াও সৌন্দর্যত বর্তমান প্ৰজন্মৰ বহু নায়িকাৰে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। চেলিব্রিটিসকলে নিজৰ ছাল আৰু চুলিৰ বাবে কঠোৰ পৰিশ্ৰম কৰে। দামী প্রসাধন সামগ্ৰীৰ পৰা আৰম্ভ কৰি চিকিৎসালৈকে একোৱেই বাদ দিয়া নহয়। কিন্তু বহুতৰে সৌন্দৰ্যত কৃত্ৰিমতাৰ স্পৰ্শ নাথাকে, বৰঞ্চ ঘৰতে বনোৱা পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে। সেই তালিকাত মাধুৰী দীক্ষিত আছে। চুলিৰ যত্নৰ বাবে ঘৰতে বনোৱা তেল ব্যৱহাৰ কৰে অভিনেত্ৰীগৰাকীয়ে। ঘৰতে বনোৱা তেলৰ যাদুৰ বাবেই ৫৭ বছৰ বয়সতো নায়িকাৰ চুলি চিকচিকীয়া হৈয়ে আছে। মাধুৰীৰ বিশেষ তেলৰ ৰহস্য
জানি লওক—
উপকৰণ : ১-২ কাপ নাৰিকল তেল, ১৫-২০টা নৰসিংহ পাত, এচামুচ মেথি গুটি, এটা সৰু পিঁয়াজ।
কেনেকৈ বনাব : কেৰাহীত কম জুইত নাৰিকল তেল গৰম কৰক। তাৰ পাছত ১৫-২০টা নৰসিংহ পাত, পিঁয়াজ,মেথি গুটি দিব। সকলো উপাদান ভালদৰে মিহলাই অলপ সময় উতলাব। তাৰ পাছত ঠাণ্ডা হ’লে তেলখিনি চেকি বটলত ঢালি দিব।
এই তেল সপ্তাহত তিনিদিন ব্যৱহাৰ কৰিব লাগে। এই তেলখিনি চুলিৰ গুৰিৰ পৰা মূৰলৈকে সকলো চুলিতে ভালদৰে লগাব লাগে। তেলখিনি মূৰত ৩০-৪৫ মিনিট ৰখাৰ পাছত আপুনি শ্বেম্পু কৰিলে উপকৃত হ’ব। এই তেল নিয়মিতভাৱে প্ৰয়োগ কৰিলে চুলি সৰা কম হোৱাই নহয়,সামগ্ৰিকভাৱে চুলিৰ স্বাস্থ্যও উন্নত হ’ব। নাৰিকল তেলে ফাটি যোৱা চুলি আৰু উফি, ময়লা ৰোধ কৰে।
নাৰিকল তেলে চুলিত প্রয়োজনীয় আৰ্দ্ৰতা প্ৰদান কৰে। নৰসিংহ পাতত এণ্টি অক্সিডেণ্ট থাকে। যাৰ ফলত চুলিখিনি কোমল আৰু মসৃণ হৈ থাকে। মেথিৰ গুটিয়ে উফিকে ধৰি মূৰৰ ছালৰ যিকোনো সংক্রমণ আঁতৰাই ৰাখে। চুলিৰ স্বাস্থ্যৰ বাবেও পিঁয়াজ অতি উপকাৰী। আৰু এই সকলোবোৰ সামগ্ৰীৰে তৈয়াৰী তেল ব্যৱহাৰ কৰিলে মাধুৰী দীক্ষিতৰ দৰে ধুনীয়া আৰু স্বাস্থ্যসন্মত চুলি পাব। কিন্তু যদি আপোনাৰ চুলিৰ কোনো নিৰ্দিষ্ট সমস্যা আছে তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওক।