জম্মু-কাশ্মীৰত যুদ্ধবিৰতি উলংঘা পাকিস্তানৰ,উগ্ৰপন্থীৰ অনুপ্ৰৱেশ ৰোধ কৰে সেনাই,

সংঘৰ্ষত সেনা বিষয়াকে ধৰি দুজন নিহত

INDIAN ARMY 11

জম্মু আৰু কাশ্মীৰত নিয়ন্ত্ৰণ ৰেখাত পুনৰ যুদ্ধবিৰতি উলংঘা কৰিছে পাকিস্তানে। ৰাজৌৰী আৰু আখনোৰ ছেক্টৰত নিয়ন্ত্ৰণ ৰেখাত গুলীচালনা কৰাৰ অভিযোগ উত্থাপিত হৈছে পাক সেনাৰ বিৰুদ্ধে ।

ADVERTISEMENT

আৰু এই সুযোগ ব্যৱহাৰ কৰি উগ্ৰপন্থীয়ে নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে অনুপ্ৰৱেশ কৰাৰ চেষ্টা কৰে। কিন্তু সামৰিক বাহিনীৰ কাৰ্যত পাকিস্তানৰ এই প্ৰচেষ্টা বিফল হয়। এই আক্ৰমণত এজন সেনা বিষয়াসহ দুজন লোক নিহত হয়।

ৰাজৌৰী আৰু আখুনাৰ ছেক্টৰত গোটেই নিশা অব্যাহত থাকে বন্দুকযুদ্ধ। আনহাতে, কিস্তৱাৰত উগ্ৰপন্থীৰ স’তেও সেনাবাহিনীৰ সংঘৰ্ষ। তিনিটা পৃথক ঘটনাত তিনিজন উগ্ৰপন্থী আৰু এজন সেনা বিষয়াসহ দুজন লোক নিহত হয়।

শুকুৰবাৰে নিশা আখুনাৰ ছেক্টৰৰ খেৰী ভট্টাল অঞ্চলৰ মাজেৰে উগ্ৰপন্থীৰ এটা দলে অনুপ্ৰৱেশৰ চেষ্টা চলায়। সামৰিক সূত্ৰ অনুসৰি উগ্ৰপন্থীয়ে নদী পাৰ হৈ অনুপ্ৰৱেশৰ চেষ্টা চলাইছিল। তেওঁলোকৰ লগত বহুত অস্ত্ৰ-শস্ত্ৰ আছিল। নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে উগ্ৰপন্থীক অনুপ্ৰৱেশৰ চেষ্টা কৰাত সেনাই বাধা দিয়ে।

প্ৰতিৰোধৰ সন্মুখীন হোৱাৰ লগে লগে উগ্ৰপন্থীয়ে সেনা জোৱানৰ ওপৰত গুলীচালনা আৰম্ভ কৰে। গোটেই নিশা দুয়োপক্ষৰ মাজত গুলীবৰ্ষণ অব্যাহত থাকে ।

সংঘৰ্ষত সেনাৰ কনিষ্ঠ কমিছনড অফিচাৰ (জেচিঅ’) গুৰুতৰভাৱে আহত হয়। পাছত তেওঁ চিকিৎসালয়ত মৃত্যুবৰণ কৰে। সেনাৰ সূত্ৰ অনুসৰি, উগ্ৰপন্থীক বিচাৰি খেৰী ভট্টাল অঞ্চলত তালাচী অব্যাহত আছে।

আনহাতে, শুকুৰবাৰে নিশা ৰাজৌৰীৰ নিয়ন্ত্ৰণ ৰেখা পাৰ হৈও উগ্ৰপন্থীয়ে অনুপ্ৰৱেশৰ চেষ্টা চলায়। কিন্তু হোয়াইট নাইট কৰ্পছৰ সৈন্যই অনুপ্ৰৱেশ ৰোধ কৰে।গোটেই ৰাতি বন্দুকযুদ্ধ অব্যাহত আছিল।

সেই সংঘৰ্ষত নিহত হয় নৱম পঞ্জাৱ ৰেজিমেণ্টৰ সুবেদাৰ কুলদীপ চান্দ।

হোয়াইট নাইট কৰ্পছে এক বিবৃতিত কয় যে, “চুবেদাৰ কুলদীপ আৰু তেওঁৰ সংগীসকলে উগ্ৰপন্থীৰ অনুপ্ৰৱেশ ৰোধ কৰিছিল।” কিন্তু সেই সংঘৰ্ষত ভাৰতীয় সেনাই এজন সাহসী জোৱানক হেৰুৱালে।”

শুকুৰবাৰে কিষ্টৱাৰত সেনাই গুলীয়াই হত্যা কৰে এজন উগ্ৰপন্থীক। তেতিয়াৰ পৰাই সেনাই বাকী থকা উগ্ৰপন্থীৰ সন্ধানত তালাচী অভিযান চলাই আহিছে। প্ৰচণ্ড তুষাৰপাত আৰু বেয়া বতৰৰ মাজতো সেনাই অভিযান অব্যাহত ৰাখিছে। শনিবাৰে পুৱা কিস্তৱাৰৰ ছাত্ৰুত সেনাই আৰু দুজন পাকিস্তানী উগ্ৰপন্থীক হত্যা কৰে।

তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক আৰু বিদেশী অস্ত্ৰ উদ্ধাৰ কৰা হয়। সামৰিক সূত্ৰ অনুসৰি নিহত হোৱা তিনিজন পাকিস্তানী উগ্ৰপন্থী জইছ সন্ত্ৰাসবাদী সংগঠনৰ কমাণ্ডাৰ।

Exit mobile version