প্রয়াত তেলেংগানাৰ ‘ট্ৰি মেন’

এক কোটিতকৈও অধিক বৃক্ষৰোপণ ট্ৰি মেনৰ

1744450125 tree

Telangana: প্ৰয়াত তেলেংগানাৰ ‘ট্ৰি মেন’ । মৃত্যু সময়ত তেওঁৰ বয়স আছিল ৮৭ বছৰ। শনিবাৰে পুৱা খাম্মান জিলাৰ ৰেড্ডীপল্লী গাঁৱত থকা নিজ বাসগৃহত হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।

তেওঁৰ প্ৰকৃত নাম দাৰীপল্লী ৰামাইয়া। কিন্তু তেওঁ সকলোৰে বাবে ‘ট্ৰি মেন’ হিচাপে পৰিচিত আছিল। তেওঁক ৰামাইয়া ওৰফে বনজীৱি নামেৰেও জনা যায়।

খাম্মাম জিলাত বিগত কিছু দশকত ৰমাইয়াই এক কোটিৰো অধিক গছপুলি ৰোপণ কৰিছে।এই কামৰ বাবে তেওঁক ২০১৭ চনত পদ্মশ্ৰী বঁটাও প্ৰদান কৰা হয়।

পদ্মশ্ৰী প্ৰাপক ৰমাইয়াৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ৰেবন্ত ৰেড্ডীয়ে। পৰিয়ালটোৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় “সমাজৰ এক অপূৰণীয় ক্ষতি হৈছে। ”

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে জনাইছে ৰামাইয়াই দৃঢ়ভাৱে বিশ্বাস আছিল যে পৰিৱেশ আৰু প্ৰকৃতি অবিহনে মানুহৰ জীয়াই থকাটো সম্ভৱ নহয়। এজন ব্যক্তিয়ে যিধৰণে নিজৰ হাতেৰে এক কোটিতকৈও অধিক গছ ৰোপণ কৰিছে সেয়া অনবদ্য।

সমাজ আৰু দহজনৰ বিষয়ে চিন্তা কৰি এই কামত তেওঁ নিজৰ জীৱন উৎসৰ্গা কৰিছিল। ‘বনজীৱি’ৰ এই কৃতিত্ব অস্মৰণীয় হৈ থাকিব।

Exit mobile version