গুজৰাটৰ উপকূলত ১৮০০ কোটি টকাৰ ড্ৰাগছ জব্দ!

আন্তঃৰাষ্ট্ৰীয় জলসীমাৰ ওচৰত চলি আছে অভিযান

1744616848 gujarat

Indian Coast Guard:গুজৰাট উপকূলৰ ওচৰৰ আৰৱ সাগৰত ১,৮০০ কোটি টকাৰ প্ৰায় ৩০০ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী জব্দ কৰা হৈছে। শনিবাৰে নিশা গুজৰাট আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী শাখা আৰু উপকূলৰক্ষী বাহিনীৰ দ্বাৰা এক যুটীয়া অভিযান চলোৱা হয়। সেই অভিযানৰ সময়তে উদ্ধাৰ কৰা হয় ড্ৰাগছ।

ADVERTISEMENT

এক গোপন সূত্ৰৰ জৰিয়তে গুজৰাট আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী শাখাই ড্ৰাগছ সৰবৰাহ কৰাৰ প্ৰচেষ্টাৰ বিষয়ে এক খবৰ লাভ কৰে।

সেই তথ্যৰ ওপৰত আধাৰিত কৰি, তেওঁলোকে উপকূলৰক্ষী বাহিনীৰ স’তে যোগাযোগ কৰে।

ক’ষ্ট গাৰ্ডে জনোৱা মতে, আৰব সাগৰৰ আন্তঃৰাষ্ট্ৰীয় জলসীমাৰ সমীপত গভীৰ নিশা এক যৌথ অভিযান চলোৱা হয়। ক’ষ্ট গাৰ্ডৰ জাহাজখন দেখি পলাবলৈ চেষ্টা কৰে ড্ৰাগছ সৰবৰাহকাৰীয়ে। সেই সময়ত তেওঁলোকে ড্ৰাগছৰ পেকেটবোৰ সাগৰত পেলাই আন্তঃৰাষ্ট্ৰীয় জলসীমা পাৰ হৈ পলায়ন কৰে।

পাছত উপকূলৰক্ষী বাহিনীয়ে ড্ৰাগছবোৰ জব্দ কৰি গুজৰাট আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী দলক গতাই দিয়ে।

এই বছৰৰ জানুৱাৰীত, গুজৰাটৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হয়। সেই সময়ত গুজৰাট আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী শাখাৰ এক অভিযানত ১০৭ কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হয়।

Exit mobile version