চৰকাৰী চিকিৎসালয়ত প্ৰয়োগ ‘নিষিদ্ধ’ বেজী

বিজেপি শাসিত মধ্যপ্ৰদেশত অসুস্থ পাঁচ গৰ্ভৱতী মহিলা 

images 16

Madhya Pradesh:বিজেপি শাসিত মধ্যপ্ৰদেশৰ স্বাস্থ্য খণ্ডত চাঞ্চল্যকৰ অভিযোগ। চৰকাৰী চিকিৎসালয়ত গৰ্ভৱতী মহিলাৰ শৰীৰত ‘ব্লেকলিষ্ট’ বেজী প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

তথ্য অনুসৰি এই বেজী ৰেৱা জিলাৰ সঞ্জয় গান্ধী মেম’ৰিয়েল মেডিকেল কলেজত দিয়া হৈছিল। এই বেজী দিয়াৰ ঠিক পাছতে, পাঁচগৰাকী গৰ্ভৱতী মহিলা অসুস্থ হৈ পৰে।

গুজৰাটৰ এটা ঔষধ কোম্পানীয়ে এই বেজীটো প্ৰস্তুত কৰিছিল। প্ৰথমবাৰ যিটো লৈ প্ৰশ্ন উত্থাপন হৈছিল বিগত বৰ্ষৰ অক্টোবৰত । মধ্য প্ৰদেশ চৰকাৰে বিদিশা চিকিৎসা মহাবিদ্যালয়ৰ পৰা কিছু অভিযোগ পোৱাৰ পাছত যোৱা বছৰ ডিচেম্বৰত বেজীটো ক’লা তলিকাযুক্ত তালিকাত অন্তৰ্ভূক্ত কৰে ।

তথ্য অনুসৰি,সঞ্জয় গান্ধী মেম’ৰিয়েল মেডিকেল কলেজত সেই বেজী কেবাজনো গৰ্ভৱতী মহিলাক দিয়া হৈছে।

এই ‘এনাস্থেটিক’ বেজী লোৱাৰ পাছত, গৰ্ভৱতী মহিলাসকলৰ ক্ষেত্ৰত অস্থায়ী স্মৃতিভ্ৰমৰ লক্ষণ দেখা যায় । এতিয়া প্ৰশ্ন উত্থাপিত হৈছে কাৰ অনুমতিত ব্যৱহাৰ কৰা হৈছে এই ব্লেকলিষ্ট কৰা ঔষধবোৰ ?

ইতিমধ্যেই সঞ্জয় গান্ধী মেম’ৰিয়েল মেডিকেল কলেজ চিকিৎসালয়ৰ ঔষধৰ দোকানৰ দায়িত্বত থকা বিষয়াজনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰা হৈছে। তাত নিষিদ্ধ বেজী আছিল।

চিকিৎসালয়ৰ মতে, গৰ্ভৱতী মহিলাসকল অসুস্থ হৈ পৰিছিল যদিও বৰ্তমান তেওঁলোক সুস্থ হৈ আছে। তেওঁলোকক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে।

Exit mobile version