Earthquake: মাত্ৰ ডেৰ ঘণ্টাৰ ভিতৰতে একেৰাহে চাৰিবাৰকৈ কঁপি উঠিল এছিয়া । কম্পন অনুভৱ হ’ল ভাৰততো। তদুপৰি বুধবাৰে পুৱা ভাৰত মহাসাগৰত ৬.৬ প্ৰাবল্যৰ প্ৰবল ভূমিকম্পৰ সৃষ্টি হয়। অৱশ্যে ছুনামীৰ কোনো সতৰ্কবাণী জাৰি কৰা হোৱা নাই।
বুধবাৰে পুৱা তিনি বাজি ৫০মিনিটত তিব্বতত ভূমিকম্প অনুভৱ হয়। ভাৰতৰ নেচনেল চেণ্টাৰ ফৰ চিচমোলজি (এনচিএছ)ৰ মতে, ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৪.২ আছিল।
ভূমিকম্পৰ গভীৰতা আছিল মাটিৰ পৰা ২৬ কিলোমিটাৰ দূৰত। উচ্চ গভীৰতা আৰু তুলনামূলকভাৱে কম পৰিমাণৰ বাবে, এই ভূমিকম্পত কোনো ক্ষতি হোৱা নাই।
কিন্তু ৫০ মিনিটৰ পাছত, আফগানিস্তানৰ হিন্দুকুশ পৰ্বতঅঞ্চলত আন এটা ভূমিকম্প হয়। এনচিএছৰ মতে, ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৫.৯ ।
পুৱা ৪:৪৩ বজাত ৭৫ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্প হয়। কেন্দ্ৰস্থলটো আফগানিস্তানৰ বাঘনালৰ পৰা ১৬৪ কিলোমিটাৰ পূবত আছিল।
আফগানিস্তানতো কম্পন অনুভৱ কৰা হয়। লগতে দিল্লী আৰু কাষৰীয়া অঞ্চলত তীব্ৰ কম্পন অনুভৱ কৰা হৈছে । পুৱা, বহুলোকে কম্পন অনুভৱ কৰি ৰাজপথলৈ ওলাই আহে।
তেওঁলোকে নিজৰ অভিজ্ঞতা সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে ।
আনহাতে কেইমিনিটমানৰ ভিতৰতে বাংলাদেশত মৃদু ভূমিকম্প হয়। বুধবাৰে পুৱা ৫:০৭ বজাত এই ভূমিকম্প অনুভৱ কৰা হয় লগতে এই ভূমিকম্পৰ প্ৰাবল্য আছিল ২.৯। বাংলাদেশত ভূমিকম্পৰ গভীৰতা ১৪ কিলোমিটাৰ গভীৰ।
ইফালে পুৱা ৫:১৪ বজাত, দক্ষিণ এছিয়া চতুৰ্থবাৰৰ বাবে জোকাৰি যায়। ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল জম্মু আৰু কাশ্মীৰ।
এনচিএছৰ মতে, জম্মু-কাশ্মীৰৰ কিষ্টৱাৰ অঞ্চলত পাঁচ কিলোমিটাৰ গভীৰতাত ভূমিকম্প হৈছিল। ৰিখটাৰ স্কেলত ইয়াৰ পৰিমাণ আছিল ২.৪। বুধবাৰে পুৱা ভাৰত মহাসাগৰৰ তলতো এটা শক্তিশালী কম্পন হয়।
পুৱা ৭:১২ বজাত, সাগৰৰ তলৰ কম্পনবোৰে অষ্ট্ৰেলিয়াৰ দক্ষিণ-পশ্চিম উপকূলক জোকাৰি গৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ অনুসৰি, ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৬.৬ আছিল।
ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল অষ্ট্ৰেলিয়াৰ মূল ভূখণ্ডৰ পৰা ২,০৬৯ কিলোমিটাৰ আৰু ১০ কিলোমিটাৰ গভীৰতাত। এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।
অৱশ্যে, কম্পনৰ পাছত বিশেষজ্ঞসকলে এছিয়া আৰু ওচৰৰ সাগৰীয় অঞ্চলৰ বিষয়ে চিন্তিত হৈ পৰিছে।