মাস্কৰ স’তে মোডীৰ ফোনযোগে বাৰ্তালাপ !

ট্ৰাম্পৰ শুল্ক যুদ্ধৰ মাজতে প্ৰযুক্তিৰ আলোচনা

1744970521 musk modi

Narendra Modi:ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স’তে ফোনযোগে কথা পাতিছে টেছলা আৰু স্পেচস্কেলৰ মুৰব্বী এলন মাস্কে ।দুয়োজনে প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকাৰ মাজত সহযোগিতাৰ সম্ভাৱনা সম্পৰ্কে আলোচনা কৰে।

ADVERTISEMENT

ছচিয়েল মিডিয়াত পোষ্ট কৰি মাস্কৰ স’তে হোৱা ফোন বাৰ্তালাপৰ কথা নিজেই ঘোষণা কৰে মোদীয়ে।বহুতৰ মতে, মাস্কৰ কোম্পানীয়ে প্ৰযুক্তি খণ্ডত বিনিয়োগ কৰাৰ পথ বহল কৰিব।

উল্লেখ্য যে,মোডীয়ে এই বছৰৰ আৰম্ভণিতে আমেৰিকা ভ্ৰমণৰ সময়ত ৱাশ্বিংটনত মাস্কক সাক্ষাৎ কৰে ।

দ্বিতীয়বাৰৰ বাবে ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছৰে পৰা মোডী চৰকাৰে আমেৰিকাৰ সৈতে ভাৰতৰ কূটনৈতিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিবলৈ আগ্ৰহী হৈ পৰিছে। সেই পৰিৱেশতেই মোডী আমেৰিকালৈ গৈছিল। তেওঁ ট্ৰাম্পৰ স’তে কেবাটাও বিষয়ত আলোচনা কৰে। কেৱল সেয়াই নহয়, দুয়োখন দেশৰ মাজত বাণিজ্যিক চুক্তিয়েও অগ্ৰাধিকাৰ লাভ কৰে।

অৱশ্যে সেই একে পৰিৱেশতে ভাৰতো ট্ৰাম্পৰ শুল্ক নীতিৰ ৰোষত পৰিল। ৰাষ্ট্ৰপতি হোৱাৰ কিছু সময়ৰ পাছতে ট্ৰাম্পে ঘোষণা কৰে যে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰা যিকোনো দেশৰ সমান পৰিমাণৰ সামগ্ৰীৰ ওপৰত আমেৰিকাই প্ৰতিশোধমূলক শুল্ক আৰোপ কৰিব।

সেই পৰিবেশতেই মোডীয়ে এইবাৰ মাস্কৰ স’তে ফোনযোগে বাৰ্তালাপ কৰে। বহুতে এই ফোন কথোপকথনক অতি তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰে।

মাস্কৰ স’তে হোৱা বাৰ্তালাপৰ সন্দৰ্ভত মোডীয়ে লিখিছে, “বিভিন্ন বিষয়ত আলোচনা কৰা হৈছে ।চলিত বৰ্ষৰ আৰম্ভণিতে আমি ৱাশ্বিংটন ডি চিত আলোচনা কৰা বিষয়বোৰৰ ওপৰতো আলোচনা কৰা হৈছে । আমি প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতাৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰিলোঁ। এই সকলোবোৰ ক্ষেত্ৰতে আমেৰিকাৰ স’তে আমাৰ অংশীদাৰিত্ব আৰু অধিক আগুৱাই নিয়াৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ।”

মাস্কৰ কোম্পানী টেছলা এতিয়াও আনুষ্ঠানিকভাৱে ভাৰতত প্ৰৱেশ কৰা নাই। অৱশ্যে চলিত বৰ্ষৰ আৰম্ভণিতে ট্ৰাম্প-মাস্কৰ বৈঠকৰ পৰাই টেছলাই ভাৰতত দেশৰ ইলেক্ট্ৰিক গাড়ী উদ্যোগৰ বাবে নিযুক্তি আৰম্ভ কৰিছে।

Exit mobile version