প্রাক্তন প্রেয়সী ৰেখাৰ সহায় ল’ব অমিতাভে !

images 4 3

Amitabh Bachchan: সম্প্রতি এক জটিল সমস্যাত পৰিছে অমিতাভ বচ্চন।বিগত কে’বাদিনো ধৰি এই সমস্যা অব্যাহত আছে।সাধাৰণতে তেওঁ নিজৰ সমস্যা সমাধানৰ চেষ্টা নিজেই কৰে। এইবাৰো ব্যতিক্রম নাছিল।

ADVERTISEMENT

বিগ-বিয়ে বহুত চেষ্টা কৰি আহিছে। সেই প্রচেষ্টাত কোনো ত্রুটি নাছিল। যদিও অৱশেষত তেওঁ হাৰ মানিলে। সেইবাবেই বলিউদৰ শ্বাহেনশ্বাহ এইবাৰ অনুৰাগীৰ দুৱাৰমুখত উপস্থিত হৈছে।

তেওঁলোককে সমস্যাটো সমাধান কৰিবলৈ আহ্বান জনালে অমিতাভে। যদিও অনুৰাগীসকলে তেওঁৰ পৰিস্থিতিতো আৰুহে জটিল কৰি তুলিছে । কিয়নো প্রবীণ অভিনেতাজনৰ কমেণ্ট বক্সত অনুৰাগীৰ এনে কিছুমান পৰামৰ্শ লিখা আছে যে সেই পৰামৰ্শ মানি চলিলে বচ্চন পৰিয়ালত গৃহযুদ্ধ হয়তো কোনেও ৰোধ কৰিব নোৱাৰিব ।

ঘটনাটো কি? আচলতে সামাজিক মাধ্যমত অমিতাভ অতি সক্রিয়। মাজনিশা শুবলৈ যোৱাৰ আগতে নিজৰ একাউণ্টত কিবা এটা লিখে। পিছদিনা শুই উঠিও তেওঁ নিজৰ মন্তব্য লিখে।

সকলো বয়সৰ অনুৰাগীয়ে আগ্ৰহেৰে তেওঁৰ প’ষ্টৰ বাবে অপেক্ষা কৰি থাকে। কেতিয়াবা ব্যক্তিগত চিন্তা-চৰ্চাও প্রকাশ কৰে। কেতিয়াবা ব্যক্তিগত জীৱনৰ কথা ।

তদুপৰি প্ৰয়াত পিতৃ হৰিবংশ ৰায় বচ্চনৰ দৰে কবিতাৰ এটা শাৰীয়েও অমিতাভৰ সামাজিক মাধ্যমত স্থান লাভ কৰিছিল। এইদৰে এক্স হেণ্ডেলত প্রতিদিনে ৪.৯ কোটি অনুৰাগীয়ে তেওঁৰ প’ষ্ট পঢ়ে।

আৰু এক মিলিয়ন যোগ হ’লে অমিতাভৰ অনুৰাগীৰ সংখ্যা পাঁচ কোটি হ’ব। যদিও বলিউদৰ শ্বাহেনশ্বাহ উক্ত সংখ্যাতে আবদ্ধ হৈ আছে, অনুৰাগীৰ সংখ্যা বৃদ্ধি হোৱা নাই। হেজাৰ চেষ্টা কৰিও তেওঁ পাঁচ কোটিৰ সংখ্যা পূৰণ কৰিবলৈ সক্ষম হোৱা নাই।

অৱশেষত তেওঁ নিজৰ অনুৰাগীৰ আশ্ৰয় ল’লে। এক্স হেণ্ডলত তেওঁ লিখিছে, ‘যথেষ্ট চেষ্টা কৰিও মই ৪.৯ কোটিৰ পৰা পাঁচ কোটি সংগ্ৰহ কৰিব পৰা নাই। যদি আপোনালোকে মোক অলপ সহায় কৰিব পাৰে…!’

অনুৰাগীসকলে লগে লগে লিখি কয় যে যদি তেওঁ ৰেখাৰ স’তে এখন ফটো পষ্ট কৰে তেন্তে অমিতাভৰ অনুৰাগীৰ সংখ্যা আকাশলংঘী হৈ পাঁচ কোটিৰ ওপৰলৈ উঠিব । প্রবীণ অভিনেত্ৰী ৰেখাৰ লগত অমিতাভৰ একালৰ প্ৰেমৰ সম্পৰ্কৰ কথা বলিউদৰ অন্যতম বিষয়।

ইয়াৰ বাবে অমিতাভৰ পত্নী জয়া বচ্চনৰ স’তে ৰেখাৰ আজিও সম্পৰ্ক ভাল নহয়। তেনে পৰিস্থিতিত অনুৰাগীৰ পৰামৰ্শ অনুসৰণ কৰি অনুৰাগীৰ সংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত ৰেখাৰ সহায় ল’বনে অমিতাভে?

Exit mobile version