ইষ্টাৰৰ পিছদিনা পোপ ফ্ৰান্সিছৰ দেহাৱসান 

images 14 1

Pope Francis : শেষ নিঃশ্বাস ত্যাগ কৰিলে পোপ ফ্ৰান্সিছে। ভেটিকানৰ সূত্ৰ অনুসৰি সোমবাৰে তেওঁৰ মৃত্যু হয়।

দেওবাৰে তেওঁ ইষ্টাৰ উদযাপন। কৰে। গাজাৰ যুদ্ধৰ অন্ত পেলাবলৈও তেওঁ আহ্বান জনায়। কিন্তু পিছদিনাই তেওঁ শেষ নিঃশ্বাস ত্যাগ কৰে।

দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল ৮৮ বছৰীয়া পোপ । অৱশ্যে, তেওঁৰ অসুস্থতা স্বত্বেও, তেওঁ দেওবাৰে ইষ্টাৰ উদযাপনত উপস্থিত থকাৰ কথাই সকলোকে আচৰিত কৰিছে।

বিগত ফেব্ৰুৱাৰীত সংকটজনক অৱস্থাত ইটালীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল পোপ ফ্ৰান্সিছক ।

২১ বছৰ বয়সত, তেওঁৰ হাঁওফাঁওৰ এটা অংশ আঁতৰাব লগা হৈছিল। যাৰ ফলত সমস্যাৰ সৃষ্টি হয়। শেহতীয়াকৈ, ই গুৰুতৰ হৈ পৰিছে।

শাৰীৰিক পৰীক্ষাত দেখা গ’ল যে তেওঁৰ দুয়োখন হাওঁফাওঁ নিউমোনিয়াত আক্ৰান্ত হয় । তদুপৰি বুকুৰ এক্স-ৰে আৰু অন্যান্য পৰীক্ষাৰ ৰিপৰ্ট বৰ স্বাভাৱিক নাছিল।

Exit mobile version