Chhattisgarh : চত্তীশগড়ত মাওবাদীয়ে ৰোপণ কৰা আই ই ডি বিস্ফোৰণত চত্তীশগড় সশস্ত্ৰ বাহিনীৰ এজন জোৱান শ্বহীদ হয়। বিজাপুৰ জিলাৰ পথ নিৰ্মাণৰ কামৰ বাবে তেওঁ পাহাৰত আছিল। মাটিৰ তলত পুতি থোৱা আইডিখন ভৰি দিয়াৰ লগে লগে তীব্ৰ বিস্ফোৰণ সংঘটিত হয়। থিতাতে মৃত্যু হয় জোৱানজনৰ।
চি.এ.এফ. ৰ সূত্ৰ অনুসৰি টাইনাৰ আৰু ফৰাচগঞ্জ গাঁৱৰ মাজৰ অঞ্চলত সংঘটিত হৈছে এই বিস্ফোৰণ। শ্বহীদ হ’ল ২৬ বছৰীয়া কনিষ্টবল মনোজ পূজাৰী। তেওঁ আছিল চি এ এফৰ ১৯ নং বেটেলিয়নৰ জোৱান।
এজন বিষয়াই জনোৱা মতে, বিস্ফোৰণৰ পাছতে নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰাখিছে। আৰম্ভ হৈছে অনুসন্ধান অভিযান।
উল্লেখ্য যে,স্থানীয় লোকসকলেও অতীতত নক্সালবাদীৰ এনে ফান্দৰ চিকাৰ হৈছিল। সুৰক্ষা বাহিনীৰ চলাচল প্ৰতিহত কৰিবলৈ বিজাপুৰ অঞ্চলৰ বহুতো স্থানত আইইডি ৰোপণ কৰা হৈছে।