কাছাৰত তিনি কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ

IMG 20250422 142354

দুটা পৃথক অভিযানত কাছাৰত বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰা হৈছে। লগতে গ্ৰেপ্তাৰ কৰা হৈছে তিনিটা সৰবৰাহকাৰীক।

ADVERTISEMENT

প্ৰথমে ১০ হেজাৰ নিচাজাতীয় য়াবা টেবলেটসহ ধলাইত এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি আৰক্ষীক গতাই দিয়ে ৰাইজে।

সৰবৰাহকাৰীটোৰ পৰা উদ্ধাৰ কৰা হৈছে নগদ ১৯ হেজাৰ ৯০০ টকা আৰু এটা মোবাইল ফোন । তথ্য অনুসৰি,ধৃত সৰবৰাহকাৰীটো কাটিগৰাৰ ছেলিম উদ্দিন ।

আৰক্ষী সুত্ৰে জানিব পৰা মতে, ধলাই সমষ্টিৰ ভাগাবাজাৰৰ এলেকাৰ পৰা টেবলেট খিনি ক্ৰয় কৰি ছেলিম উদ্দিনে নৰছিংপুৰৰ দিশে গৈ আছিল।

এনেতে স্থানীয় গাওঁৰক্ষী বাহিনীৰ সন্দেহ হোৱাত ছেলিম উদ্দিনৰ লগত থকা বেগটোত তালাচী চলাওতে উদ্ধাৰ হয় টেবলেট খিনি।

পাছত ধলাই আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে জব্দ কৰে সামগ্ৰীখিনি। লগতে আটক কৰা হয় ড্ৰাগছ সৰবৰাহকাৰী ছেলিম উদ্দিনক। জব্দ কৰা টেবলেট খিনিৰ মুল্য প্ৰায় তিনি কোটি টকা।

আনহাতে ,শিলচৰৰ ঘুংগুৰৰ পৰাও দুটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত‌ লোক দুজন ৰাহুল দাস আৰু জয়দীপ দাস। সৰবৰাহকাৰী দুটাৰ পৰা হেৰ’ইন ভৰ্তি ৩৯ টা প্লাষ্টিকৰ কন্টেইনাৰ জব্দ কৰিছে আৰক্ষীয়ে। কন্টেইনাৰ কেইটাৰ পৰা মুঠ ১৯৫ গ্ৰাম হেৰ’ইন জব্দ কৰা হয়।

Exit mobile version