প্ৰশিক্ষণৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয় বিমান!

গুজৰাট দুৰ্ঘটনাত পাইলটৰ মৃত্যু

1745316004 plane crash

Gujarat : গুজৰাটত সংঘটিত হয় বিমান দুৰ্ঘটনা। প্ৰশিক্ষণৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয় এখন বিমান। দুৰ্ঘটনাত এজন পাইলটৰ মৃত্যু হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি প্ৰশিক্ষণৰত বিমানখন ব্যক্তিগত কোম্পানীৰ।

ADVERTISEMENT

মঙলবাৰে দুপৰীয়া প্ৰায় ১২:৩০ বজাত গুজৰাটৰ আমৰেলি চহৰৰ গিৰিয়া ৰোড এলেকাৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।

স্থানীয় আৰক্ষী অধীক্ষক সঞ্জয় খৰাটে জনোৱা মতে, মঙলবাৰে আমৰেলী বিমানবন্দৰৰ পৰা বিমানখন উৰা মাৰিছিল। এটা ব্যক্তিগত বিমান সংস্থাৰ দ্বাৰা পৰিচালিত বিমানখন উৰা মৰাৰ কিছু সময়ৰ পাছতে দুৰ্ঘটনাগ্ৰস্ত হয়।

শাস্ত্ৰী নগৰ অঞ্চলৰ সমীপৰ খালী পথাৰত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। কিন্তু তাৰ আগতেই বিমানখনে এজোপা গছত খুন্দা মাৰে। ফলত মাটিত পৰি বিমানখনত জুই লাগে।

এই দুৰ্ঘটনা কেনেকৈ সংঘটিত হয় সেয়া স্পষ্ট হোৱা নাই। ইয়াৰ আঁৰত বতৰ সম্পৰ্কীয় কাৰণো থাকিব পাৰে। আনহাতে যান্ত্ৰিক বিফলতা বা পাইলটৰ ত্ৰুটিৰ ফলতো এই দুৰ্যোগ হ’ব পাৰে।

দুৰ্ঘটনাটোৰ কাৰণ জানিবলৈ এটা তদন্ত আৰম্ভ কৰা হৈছে। পাইলটজনৰ বাহিৰে, এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।

Exit mobile version