মধ্য প্ৰদেশত দলঙৰ পৰা নদীত পৰিল গাড়ী,

দুটি শিশুকে ধৰি এটা পৰিয়ালৰ আঠজন সদস্যৰ কৰুণ মৃত্যু

1745322502 mp accident

Madhy pradesh: মৰ্মন্তিক ! চিকিৎসকক দেখুৱাই ঘৰলৈ উভতি অহাৰ পথত সংঘটিত হ’ল দুৰ্ঘটনা ! গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই ওখ দলঙৰ পৰা পোনে পোনে নদীত বাগৰি পৰিল গাড়ী ।

ঘটনাটোত দুটি শিশুসহ একেটা পৰিয়ালৰ আঠজন সদস্যৰ থিতাতে মৃত্যু হয়। মধ্য প্ৰদেশৰ দামোহ জিলাত মঙলবাৰে সংঘটিত হয় এই ঘটনা।তথ্য অনুসৰি,ঘটনাটোত আন ছয়জনলোক আহত হয়।তেওঁলোকক ওচৰৰে স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয়।

মঙলবাৰে পুৱা প্ৰায় ১০ বাজি ১৫ মিনিটত দামোহৰ নোহাটা আৰক্ষী থানা এলেকাত সংঘটিত হয় এই দুৰ্ঘটনা । সেই সময়ত, গাড়ীখন চিমৰি গাঁৱৰ ওচৰৰ চুনাৰ নদীৰ ওপৰৰ দলঙৰ মাজেৰে গৈ আছিল।

গাড়ীখনত একেটা পৰিয়ালৰ ১৫ জন সদস্য আছিল। হঠাতে, গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱালে। মুহূৰ্তৰ ভিতৰতে, গাড়ীখন দলঙৰ পৰা শুকান নদীৰ তললৈ নামি পৰিল।

স্থানীয় বাসিন্দাসকল তৎক্ষণাৎ দুৰ্ঘটনাস্থলীত উপস্থিত হয় আৰু আৰক্ষীক খবৰ দিয়ে। ভিতৰৰ যাত্ৰীসকলক কেনেবাকৈ ক্ষতিগ্ৰস্ত গাড়ীখনৰ পৰা উলিয়াই অনা হৈছিল।

তেতিয়ালৈকে আঠজন লোকৰ মৃত্যু হৈছিল। মৃতসকলৰ ভিতৰত একেটা পৰিয়ালৰ পাঁচগৰাকী মহিলা আৰু দুটা সন্তান আছিল।

Exit mobile version