ঘগ্ৰাপাৰৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰ সংযোগী একমাত্ৰ পথ বন্ধৰ বিকল্প পথ মেৰামতিৰ দাবীত আছুৰ বিক্ষোভ প্রতিবাদত

IMG 20250423 150308

 

ADVERTISEMENT

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ গ্ৰাম্য চহৰৰ এটা অতি ব্যস্ততাপূৰ্ণ পথ হঠাৎ বন্ধ কৰি দিয়াৰ প্ৰতিবাদত আৰু বিকল্প পথটি মেৰামতিৰ দাবীত আজি আছুৰ এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয়।

আজি দিনৰ এঘাৰ বজাত ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত ৰূপায়ন হোৱা বিক্ষোভ কাৰ্যসূচীটো ঘগ্ৰাপাৰ ডাক বঙলাৰ পৰা আৰম্ভ কৰি মেডিকেল পথৰে ষ্টেচন পথ হৈ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।

প্ৰতিবাদী সকলে হাতে হাতে প্লে কাৰ্ড লৈ “ৰাস্তা লাগে ৰাস্তা দিয়ক”, “উৰণ সেতু নিৰ্মান কৰক,” ” বন্ধ পথ মুকলিকৈ দিয়ক, “গৰকাপ্তানী বিভাগ মূর্দাবাদ” আদি বিভিন্ন শ্লোগান দি ঘগ্ৰাপাৰৰ আকাশ বতাহ কঁপাই তোলে।

প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি নলবাৰী জিলা উন্নতি সভাৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ ডেকাই কয় যে পৰিবৰ্তনকামী চৰকাৰৰ দিনত এটি পথ বিচাৰি ছাত্ৰ ছাত্ৰীযে ৰাজপথত আন্দোলন কৰিব লগা হোৱাটো অতি লজ্জাজনক।

বিকল্প পথটো মেৰামতি নকৰাকৈ হঠাৎ প্ৰশাসনে কিয় পথটো বন্ধ কৰিলে বুলি প্ৰশ্ন কৰি অতিশীঘ্ৰে পথটো মুকলি কৰি দিবলৈ দাবী জনায়। লগতে আজি কিছুদিন ধৰি পঞ্চায়ত নিৰ্বাচনৰ বাবে জৰাজীৰ্ণ পথটোৰে নেতা কৰ্মী সকল অহা যোৱাৰ ক্ষেত্ৰত কিমান অসুবিধাৰ সৃষ্টি হৈছে সেই কথা অনুধাৱন কৰাৰ পাছতো কোনো এটি ৰাজনৈতিক দলে মাত নমতাটো দুখৰ বিষয় বুলি ক্ষোভ প্রকাশ কৰে ।

উক্ত কাৰ্যসূচীত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক হীৰক জ্যোতি শৰ্মা উপস্থিত থাকি অতি সোনকালেই ছাত্ৰ ছাত্ৰী তথা সৰ্বসাধাৰণ ৰাইজ চলাচলৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰে।

ঘগ্ৰাপাৰ মাধ্যমিক বিদ্যালয়,ঘগ্ৰাপাৰ বজাৰ সমিতি, শংকৰদেৱ শিশু নিকেটন, শংকৰজ্যোতি মডাৰ্ণ একাডেমি, এম বি চি এছ, টেম্প চালক সন্থাৰ প্ৰতিনিধি উপস্থিত থকা প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত নলবাৰী জিলা আয়ুক্তলৈ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ চক্ৰ বিয়াৰ জৰিয়তে এক দাবী পত্ৰ প্ৰদান কৰা হয়।

ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আর্চিক আহমেদ আৰু সম্পাদক হীৰকজ্যোতি ডেকাই স্বাক্ষৰ কৰা দাবী পত্ৰ খনত উল্লেখ কৰা মতে ঘগ্ৰাপাৰত অতিশীঘ্ৰে এখন উৰণ সেতু নিৰ্মান কৰা, বন্ধ পথটি মুকলি কৰাৰ লগতে জৰাজীৰ্ণ বিকল্প পথটো অতিশীঘ্ৰে মেৰামতি কৰা, পথটোৰ দুয়ো কাষত নলা নিৰ্মান কৰা আৰু পথটোৰ ওপৰত থকা ব্যৱসায়ী প্ৰতিষ্ঠান সমূহ আঁতৰাই দিয়াৰ দাবী জনায়।

উল্লেখ যে,ব্যৱসায়িক,শৈক্ষিক,আৰ্থসামাজিক,সাংস্কৃতিক আদি ক্ষেত্ৰত ঘগ্ৰাপাৰৰ দুয়োপাৰ (উত্তৰ-দক্ষিণ পাৰ)অতি গুৰুত্বপূৰ্ণ হিচাপে চিহ্নিত হৈ অহা উক্ত পথছোৱাৰে উত্তৰ ঘগ্ৰাপাৰ অংশৰ বিভিন্ন বেংক, শৈক্ষিক প্ৰতিষ্ঠান, বজাৰ, বিভিন্ন চৰকাৰী কাৰ্যালয়, ৰাজহ চক্ৰৰ কাৰ্যালয়,থানা,ব্যৱসায়িক প্ৰতিষ্ঠান আদিৰ উপৰিও দক্ষিণ ঘগ্ৰাপাৰ অংশৰ মেডিকেল কলেজ,বনভাগ মহাবিদ্যালয়, ঘগ্ৰাপাৰ হাইস্কুলকে ধৰি বিভিন্ন শিক্ষানুষ্ঠানলৈ হাজাৰ হাজাৰ ছাত্ৰ – ছাত্ৰী আৰু স্থানীয় ৰাইজে যাতায়তৰ ক্ষেত্ৰত চমু আৰু অতি গুৰুত্বপূৰ্ণ পথ হিচাপে বিবেচিত একমাত্ৰ পথটি গড়কাপ্তানী বিভাগে হঠাৎ বন্ধ কৰি দিয়াত নানা ধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে। ৫০ মিটাৰৰ বাট অতিক্ৰম কৰিবলৈ প্ৰায় ৫ কি. মি. ঘূৰি অহা যোৱা কৰাটো ৰাইজৰ বাবে সম্ভৱ নহয়। বিশেষকৈ বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ – ছাত্ৰী আৰু স্থানীয় ৰাইজৰ অসুবিধাৰ সৃষ্টি হৈছে।আনহাতে বিকল্প পথ হিচাপে থকা ঘগ্ৰাপাৰ ষ্টেচন ৰোড হৈ মেডিকেল পথ ওলাব পৰা পথটোও অতি জৰাজীৰ্ণ হৈ পৰাত এজাক বৰষুণত বোকা পানীৰে ভৰি পৰাত ৰাইজে জীয়াটো ভুগিব লগা হৈছে।

Exit mobile version