মাওবাদ নিৰ্মূলৰ বাবে এতিয়ালৈকে সৰ্ববৃহৎ অভিযান ! 

নিহত তিনিখন ৰাজ্যৰ পাঁচজন নক্সালবাদী উগ্ৰপন্থী 

Terrorist 1

5 Naxals killed : ২০২৬ চনৰ ভিতৰত দেশৰ পৰা মাওবাদ নিৰ্মূলৰ বাবে সৰ্ববৃহৎ অভিযান।তিনিখন ৰাজ্যৰ ২০ হেজাৰ নিৰাপত্তাৰক্ষীয়ে এই অভিযান আৰম্ভ কৰিছে। ইতিমধ্যে চত্তীশগড়ৰ বিজাপুৰ জংঘলত তেওঁলোকে এহেজাৰ নক্সালবাদীক ঘেৰাও কৰিছে বুলি ধাৰণা কৰা হৈছে।এতিয়ালৈকে চত্তীশগড়, তেলেংগানা আৰু মহাৰাষ্ট্ৰত পাঁচজন মাওবাদী নিহত হৈছে।

ADVERTISEMENT

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত দেশৰ পৰা মাওবাদীনিৰ্মূল কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰিছে। তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ৪৮ ঘণ্টীয়া সৰ্ববৃহৎ অপাৰেচন।

চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত এই অভিযানৰ লক্ষ্য হৈছে মষ্ট ৱান্টেড মাওবাদী সেনাপতি হিদমা আৰু বেটেলিয়নৰ মুৰব্বী দেবাকে ধৰি শীৰ্ষ নক্সাল নেতাসকলক ধৰি ৰখা।

বৰ্তমানৰ এই অভিযানত জিলা ৰিজাৰ্ভ গাৰ্ড, বাষ্টাৰ ফাইটাৰ, স্পেচিয়েল টাস্ক ফ’ৰ্চ, ৰাজ্যিক আৰক্ষীৰ সকলো বাহিনী, চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ বাহিনী আৰু কমাণ্ডো বেটেলিয়ন ফৰ ৰিজ’লিউট একচন জড়িত হৈ আছে।

উল্লেখ্য যে,চত্তীশগড় আৰু তেলেংগানা সীমান্তৰ মাজেৰে সকলো প্ৰৱেশ পথ বন্ধ কৰি দিয়া হৈছে। চোৰাংচোৱা সূত্ৰৰ মতে, মাওবাদীৰ নং ১ বেটেলিয়ন অঞ্চলটোৰ দূৰৱৰ্তী আৰু গভীৰ অৰণ্যত অৱস্থিত।

কিছুদিনৰ আগতে, নক্সালবাদীসকলে এক বিবৃতি জাৰি কৰি গাওঁবাসীসকলক পাহাৰীয়া অঞ্চললৈ নাহিবলৈ আহ্বান জনাইছিল । যিহেতু তাত বৃহৎ সংখ্যক আই ই ডি ৰোপণ কৰা হৈছে।

চলিত বছৰতে চত্তীশগড়তে নিৰাপত্তা বাহিনীয়ে ১৫০জন মাওবাদীক নিঃশেষ কৰিছে। ইয়াৰে ১২৪ জন বাস্তা ডিভিজনত নিহত হয়। যোৱা সপ্তাহত ঝাৰখণ্ডৰ বোকাৰো জিলাত আঠ জন নক্সালবাদী নিহত হয়।

Exit mobile version