হোটেল-বিমান সংস্থাই ওভতাই দিব ধন : ঘোষণা কেন্দ্ৰীয় মন্ত্ৰীৰ 

সন্ত্ৰাসবাদীৰ নাৰকীয়তাত আতংকিত হেজাৰ হেজাৰ পৰ্যটকে এৰিছে কাশ্মীৰ

images 13 1

Pahelgam Attack : পৈশাচিক বৰ্বৰতাৰে নিৰস্তু পৰ্যটকক লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী সংগঠনে হত্যা কৰাৰ ঘটনাই স্বাভাৱিকতে আতংকিত কৰিছে কাশ্মীৰ ভ্ৰমণৰত দেশী-বিদেশী পর্যটকসকলক।

ADVERTISEMENT

হেজাৰ হেজাৰ পর্যটকে ভ্রমণ আধাতে সামৰি উভতি আহিবলৈ উন্মুখ হৈছে। প্ৰাণৰ আশংকাত ভোগা এই পর্যটকসকলৰ কাশ্মীৰ উপত্যকাৰ পৰা গৃহাভিমুখী হোৱাৰ বহু ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে।

এনে ভিডিঅ’ত দেখিবলৈ পোৱা মতে, দেশী-বিদেশী পৰ্যটকৰ গাড়ীৰ ভিৰ লাগিবলৈ ধৰিছে কাশ্মীৰৰ বাট-পথত। ইয়ে বহু ঠাইত যান-জঁটৰো সৃষ্টি কৰিছে। নিৰাপত্তাৰ অভাৱত ভুগি ঘৰমুৱা হ’বলৈ উদগ্ৰীৱ হৈ উঠা বহু পর্যটকে কাশ্মীৰৰ বিভিন্ন স্থানৰ পৰা শ্ৰীনগৰ অভিমুখে যাত্ৰা কৰে।

এনে বহু পর্যটকে আগতীয়াকৈ বুকিং কৰি থকা হোটেলো ত্যাগ কৰিছে। তদুপৰি একাংশই কাশ্মীৰ ভ্ৰমণো বাতিল কৰিছে। পহলগাম ভ্ৰমণৰ আঁচনি লৈ সম্প্ৰতি কাশ্মীৰত থকা দিল্লীৰ এজন পৰ্যটকে কয়, ‘এতিয়া আৰু পহলগামলৈ যাবলৈ মন নাই। যিমান সোনকালে সম্ভৱ হয়, সিমান সোনকালে ঘৰলৈ যোৱাৰ কথাহে চিন্তা কৰিছো। ঘৰত দুঃশ্চিন্তা বৃদ্ধি পাইছে।’

আনহাতে, কাশ্মীৰ ভ্ৰমণৰ উদ্দেশ্যে আগতীয়াকৈ সংৰক্ষণ কৰা বিমানৰ টিকটৰ বাবদ দিয়া ধন সংশ্লিষ্টসকলে ওভতাই পাব বুলি আশ্বাস দিছে কেন্দ্ৰীয় পর্যটন মন্ত্রী গজেন্দ্র সিং শ্বেখাৱটে। একেদৰে আগতীয়াকৈ হোটেলৰ কোঠা বুকিঙৰ নামত দিয়া ধনো পর্যটকসকলে ঘূৰাই পাব বুলি তেওঁ সদৰী কৰিছে।

সংশ্লিষ্ট বিমান সংস্থা আৰু হোটেলসমূহে এই ধন ঘূৰাই দিব বুলি উল্লেখ কৰি সামাজিক মাধ্যমত এটা প’ষ্টত মন্ত্ৰীজনে কয়, ‘কাশ্মীৰৰ মঙলবাৰে মৰ্মন্তুদ ঘটনাৰ পাছত বৃহৎ সংখ্যক পৰ্যটক আতংকিত হোৱাৰ কাৰণ বুজি পাইছো। বহুতে কাশ্মীৰ ভ্ৰমণ বাতিল কৰিবলৈ বিচাৰিছে।যিসকলে আগতীয়াকৈ বিমানৰ টিকট, হোটেলৰ কোঠা বুকিঙৰ বাবদ ধন দিছিল, সেই ধন ঘূৰাই পাব। তেওঁলোকক বিমান সংস্থা আৰু হোটেলে বুকিঙৰ ধন ঘূৰাই দিব।’

এই ক্ষেত্ৰত জম্মু-কাশ্মীৰ চৰকাৰেও ব্যৱস্থা গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই। মুখ্যমন্ত্ৰী আব্দুল্লাই সদৰী কৰা অনুসৰি আতংকিত পর্যটকসকলৰ সহায় হোৱাকৈ শ্ৰীনগৰত এটা নিয়ন্ত্রক কক্ষ স্থাপন কৰা হৈছে ।

Exit mobile version