সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতৰ স’তে একত্ৰিত হৈছে বিশ্ব 

modi world leaders cover

Pahalgam Terror Attack : পহলগামত সংঘটিত হোৱা নৃশংস আক্ৰমণক গৰিহণা দিবলৈ একত্ৰিত হৈছে আন্তঃৰাষ্ট্ৰীয় নেতৃত্ব। বেঞ্জামিন নেতানিয়াহুৰ পৰা ইমানুৱেল মেক্ৰনলৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ফোন কৰিছে কেবাজনো ৰাষ্ট্ৰপতিয়ে।

ADVERTISEMENT

আমেৰিকাইও এই আক্ৰমণক তীব্ৰ গৰিহণা দি এক কঠোৰ বিবৃতি প্ৰকাশ কৰে। ইতিমধ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ‘বন্ধু’ মোডীক ফোন কৰিছে।

এনে পৰিস্থিতিত পহলগাম আক্ৰমণ সন্দৰ্ভত ২০খন দেশৰ ৰাষ্ট্ৰদূতৰ স’তে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বৈঠকত মিলিত হয়।

ইয়াৰ পাছতে ইখনৰ পাছত সিখন ৰাজ্যৰ নেতাৰ পৰা ফোন লাভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এই বিশেষ বৈঠকত আমেৰিকা আৰু চীনৰ ৰাষ্ট্ৰদূত উপস্থিত থাকে।

জাৰ্মানী, জাপান, পোলেণ্ড, ৰাছিয়া, ব্ৰিটেইন আদি দেশৰ ৰাষ্ট্ৰদূতকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বিক্ৰম মিশ্ৰীয়ে ২০খন দেশৰ ৰাষ্ট্ৰদূতৰ স’তে প্ৰায় ৩০ মিনিট সময় বাৰ্তালাপ কৰে। তেওঁলোকক পাহেলগামৰ সন্দৰ্ভত বিতং তথ্য দিয়া হয়।

বৈঠক সমাপ্ত হোৱাৰ কিছু সময়ৰ পাছতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে মোডীক ফোন কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে,ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সমৰ্থন প্ৰকাশ কৰিছে। লগতে তেওঁ এই আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে।

প্ৰধানমন্ত্ৰীয়ে নেতানিয়াহুক এই নৃশংস আক্ৰমণ সন্দৰ্ভতো বিতং তথ্য প্ৰদান কৰে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনেও পহলগাঁও আক্ৰমণক তীব্ৰ গৰিহণা দি ভাৰতৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে।

ইয়াৰ উপৰিও ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনি, জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবা, জৰ্ডানৰ ৰজা আব্দুল্লাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফোন কৰিছে। বৃহস্পতিবাৰে পহলগাম আক্ৰমণ সন্দৰ্ভত আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে এক বিশেষ বিবৃতি প্ৰকাশ কৰে।

তাত কোৱা হৈছে যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই স্পষ্ট কৰি দিছে যে আমেৰিকাই ভাৰতৰ স’তে থিয় দিছে। আমেৰিকাই সন্ত্ৰাসবাদক তীব্ৰ গৰিহণা দিয়ে। আমেৰিকাৰ বিবৃতিত কয় যে অপৰাধীক শীঘ্ৰে শাস্তি দিব লাগে।

 

Exit mobile version