চুলি সৰাৰ সমস্যাই দেখা দিছে নেকি ?

ব্যৱহাৰ কৰক সহজে উপলব্ধ এইবিধ পাচলি !

images 5 1

 

ADVERTISEMENT

বহু সময়ত ভুল খাদ্যাভ্যাস আৰু ৰাসায়নিক পদাৰ্থ থকা চুলিৰ সামগ্ৰী ব্যৱহাৰে চুলি সম্পৰ্কীয় সমস্যাৰ সৃষ্টি কৰে ।

এই ক্ষেত্ৰত আপুনি ব্যৱহাৰ কৰিব পাৰে ভেন্দি।

দৰাচলতে ভেন্দি ব্যৱহাৰ কৰিলে চুলি সৰা, চুলি চিগা চুলি শুকান আদিৰ দৰে সমস্যাৰ পৰা মুক্তি পাব পাৰি । ভেন্দি বহু পুষ্টিকৰ উপাদানৰ ভঁৰাল। ইয়াৰ আছে ভিটামিন-এ, ভিটামিন-চি আৰু ভিটামিন-কে ।

ইয়াৰ উপৰিও ইয়াত কেলচিয়াম, মেগনেছিয়াম আৰু আইৰণ আদিও পোৱা যায়, যি চুলিক সুস্থ কৰি ৰখাৰ বাবে অতি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান হিচাপে গণ্য কৰা হয় ।

চুলিত ভেন্দি প্ৰয়োগ কৰিলে আপুনিও পাব সুফল ….

*চুলিত ভেন্দি ব্যৱহাৰ কৰিলে চুলিৰ গুৰি শক্তিশালী হয়।

*ভেন্দি ভিজোৱা পানী ব্যৱহাৰ কৰিলে চুলি সৰা কম হয় । ইয়াৰ ব্যৱহাৰে চুলিৰ গুৰিবোৰ মজবুত কৰে, যাৰ ফলত চুলি সৰাৰ সমস্যা দূৰ হয় ।

*ভেন্দি ভিজোৱা পানী মূৰৰ ছালত ৰক্ত সঞ্চালন বৃদ্ধি কৰে, যাৰ ফলত চুলি বৃদ্ধি হোৱাত সহায় হয় ।

Exit mobile version