কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদী আক্ৰমণ!

ঘৰত প্ৰৱেশ কৰি জেহাদী সমাজকৰ্মীক গুলীয়াই হত্যা 

terrorist

Kashmir : এতিয়াও সতেজ হৈ আছে পহলগাম আক্ৰমণৰ আঘাত। ইয়াৰ মাজতে, পুনৰ ৰক্তাক্ত হৈ পৰিল কাশ্মীৰ।এইবাৰ ঘৰত প্ৰৱেশ কৰি আম কাশ্মীৰীক হত্যা কৰিলে জেহাদীসকলে।শনিবাৰে নিশা কুপৱাৰাত সংঘটিত ঘটনাই উপত্যকাত পুনৰ আতংকৰ সৃষ্টি কৰিছে।

ADVERTISEMENT

২২ এপ্ৰিলত পহলগাম আক্ৰমণে সমগ্ৰ দেশ জোঁকাৰি গৈছে। শেহতীয়াকৈ সংঘটিত হোৱা সৰ্ববৃহৎ সন্ত্ৰাসবাদী আক্ৰমণত ২৫ জন পৰ্যটক আৰু এজন স্থানীয় লোকৰ মৃত্যু হৈছে।

ভয়ংকৰ আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ উপত্যকাৰ সিপাৰে সক্ৰিয় হৈ আছে আৰক্ষী আৰু সেনা। ঠায়ে ঠায়ে চলিছে অনুসন্ধান অভিযান ।

ইয়াৰ মাজতে,ঘৰতে সোমাই এগৰাকী সমাজকৰ্মীজনক হত্যা কৰা হয়। অনুমান কৰা হৈছে,এইটো সন্ত্ৰাসবাদীৰে কাম ।

মৃত লোকজনৰ নাম গুলাম ৰাছুল মাগ্ৰে। বয়স ৪৫ বছৰ।তেওঁ অঞ্চলটোৰ এগৰাকী সমাজকৰ্মী হিচাপে পৰিচিত। অভিযোগ অনুসৰি কান্দি খাছ অঞ্চলৰ তেওঁৰ ঘৰত জেহাদীয়ে প্ৰৱেশ কৰি তেওঁক আক্ৰমণ কৰে।

গুলামক গুলীয়াই হত্যা কৰা হয়। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। অৱশ্যে এই আক্ৰমণৰ দায়িত্ব কোনেও স্বীকাৰ কৰা নাই। গোলামক কিয় টাৰ্গেট কৰা হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

ইফালে দেওবাৰে পাকিস্তানী সেনাইও নিয়ন্ত্ৰণ ৰেখাৰ কাষেৰে অপ্ৰৰোচিত গুলীচালনা কৰে। পহলগাম আক্ৰমণৰ পাছত পাকিস্তান চৰকাৰে চিমলা চুক্তি উলংঘা কৰাৰ ভাবুকি দিয়াৰ পিছৰে পৰা পাকিস্তানে যুদ্ধবিৰতি চুক্তি উলংঘা কৰি আহিছে। দেওবাৰে পুৱা সীমান্তৰ সিপাৰৰ পৰাও গুলীচালনা হয়।

উল্লেখ্য যে,দেওবাৰে পুৱা সীমান্তৰ সিপাৰৰ পৰাও গুলীচালনা হয়। সেনাই এক বিবৃতিত কয় যে, “২৬-২৭ ৰ নিশা নিয়ন্ত্ৰণ ৰেখাৰ কাষৰ পাকিস্তানী ঘাটিসমূহৰ পৰা অপ্ৰত্যাশিতভাৱে সৰু সৰু অস্ত্ৰ-শস্ত্ৰৰ গুলীবৰ্ষণ হৈছিল।ঘটনাটো টুটমাৰী গলি আৰু ৰামপুৰ ছেক্টৰ অঞ্চলত সংঘটিত হয়।”

ভাৰতীয় সেনাইও পাকিস্তানী আক্ৰমণৰ উপযুক্ত প্ৰত্যুত্তৰ দিছে।

Exit mobile version