পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

images 2 8

পহেলগামত সংঘটিত সন্ত্রাসবাদী আক্রমণক কেন্দ্ৰ কৰি ইতিমধ্যে চুবুৰীয়া দেশ দুই ভাৰত আৰু পাকিস্তানৰ মাজত কূটনৈতিক যুদ্ধ আৰম্ভ হৈছে। সমগ্ৰ দেশৰ পৰিস্থিতি গৰম।

ইয়াৰ মাজতে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে লোক এক সিদ্ধান্তও চৰ্চালৈ আহিছে। ইতিমধ্যেই চৰ্চাৰ আৱৰ্তত থকা আৰিানে সম্প্ৰতি উদ্যোগটোত পৰিচালকৰূপে কাম কৰিবলৈ আৰম্ভ কৰিছে।

শনিবাৰে তেওঁ কলকাতাত এটা ডাঙৰ পাৰ্টিৰ আয়োজন কৰিছিল।সেইদিনা মহানগৰীত কলকাতা নাইট ৰাইডাৰ্ছৰ এখন খেল অনুষ্ঠিত হয়।বাংলা ছবিৰ লগতে বলিউদৰ অনেক নায়ক-নায়িকাৰ স’তে পাৰ্টিৰ পৰিকল্পনা আছিল তেওঁৰ; কিন্তু সাময়িকভাৱে সেই পৰিকল্পনা স্থগিত ৰখা হৈছে।

পহলগামত সংঘটিত কৰুণ ঘটনাৰ বাবেই আৰিয়ানে পাৰ্টিৰ আয়োজন নকৰাৰ সিদ্ধান্ত লয় । এই কথা তেওঁৰ দলটোৱে প্ৰকাশ কৰিছে।কোৱা হৈছে যে ইতিমধ্যে মহানগৰীৰ বহু অভিনেতা-অভিনেত্ৰীলৈ নিমন্ত্রণী পত্ৰ গৈছে।

আৰিয়ানৰ বাহিৰেও ভগ্নী সুহানা খানকে ধৰি তেওঁলোকৰ বাকী বন্ধুসকলেও এই বিশেষ পার্টিত অংশগ্রহণ কৰাৰ কথা আছিল। যদিও দেশৰ এই ভয়াৱহ সময়ত তেওঁলোকে আনন্দৰ কথা ভাবিব নোৱাৰে।

গতিকে এই পার্টি এতিয়াৰ বাবে বাতিল কৰাৰ সিদ্ধান্ত লৈছে আৰিয়ানে ৷বহুতে এই নাৰকীয় ঘটনাটো মানি ল’ব পৰা নাই। জনপ্ৰিয় হিন্দী ধাৰাবাহিক অভিনেত্ৰী হিনা খানৰ পৰা সোণাক্ষী সিনহালৈকে সকলোৱে এই ঘটনাক তীব্ৰ গৰিহণা দিছে।

Exit mobile version