পহলগামত সন্ত্ৰাসবাদৰ আশংকাত জীৱন কটাবলগীয়া হৈছে কাশ্মীৰে

নিশাৰ ভিতৰতে বন্ধ ৪৮খন ৰিজৰ্ট

thumb 45601

Pahelgam : পহলগাম ঘটনাৰ পাছত, জম্মু আৰু কাশ্মীৰ চৰকাৰে নিৰাপত্তাজনিত কাৰণত কেবাটাও পৰ্যটন স্থলী আৰু ৪৮ খন ৰিজৰ্ট বন্ধ কৰি দিছে।

ADVERTISEMENT

তথ্য অনুসৰি,কেইদিনমান আগতে সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত নিৰাপত্তাৰ স্বাৰ্থত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

দুধপাহাৰী (বুদগাম) আৰু ভেৰিনাগ (অনন্তনাগ)কে ধৰি কেবাটাও জনপ্ৰিয় পৰ্যটন স্থলী পৰ্যটকৰ বাবে নিষিদ্ধ কৰা হৈছে।

কাশ্মীৰৰ স্থানীয় বাসিন্দাসকলৰ আয়ৰ অন্যতম প্ৰধান উৎস হৈছে পৰ্যটন। কিন্তু শেহতীয়া পৰিঘটনাৰ পাছত বৰ্তমান ই চৰম অনিশ্চয়তাৰ মাজত। ইতিমধ্যে বহু পৰ্যটকে এই অঞ্চল এৰি থৈ গৈছে। ইফালে ভ্ৰমণৰ বাবে যাবলগীয়া বহুতো পৰ্যটককে ইতিমধ্যেই তেওঁলোকৰ যাত্ৰা বাতিল কৰিছে।

উল্লেখ্য যে,এসপ্তাহ পূৰ্বেও মানুহেৰে ভৰি থকা পহলগামত হঠাতে পৰ্যটকৰ সংখ্যা ভয়ংকৰভাৱে হ্ৰাস পাইছে।

স্থানীয় ৰাইজে আশংকা কৰিছে যে এই ঘটনাই তেওঁলোকৰ জীৱন আৰু জীৱিকাত যথেষ্ট প্ৰভাৱ পেলাব।

ইফালে, পহলগামৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ স্থানীয় লোকসকলে ৰাজপথলৈ ওলাই আহিছে।

জম্মু আৰু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই সোমবাৰে ৰাজ্যিক বিধানসভাত পহলগামৰ ঘটনাক তীব্ৰ গৰিহণা দিয়ে।

সন্ত্ৰাসবাদৰ বিৰুদ্ধে পদক্ষেপ লোৱা হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে কাশ্মীৰৰ জনসাধাৰণে এই হত্যাকাণ্ডৰ বিৰুদ্ধে একেলগে ৰাজপথলৈ ওলাই আহিছে। যোৱা দুটা দশকৰ ভিতৰত এয়াই প্ৰথম এনে ঘটনা। কথুৱাৰ পৰা কুপৱাৰালৈ – কাশ্মীৰৰ এনে কোনো চহৰ বা গাঁও নাই য’ত এই ঘটনাৰ প্ৰতিবাদ হোৱা নাই।”

অৱশ্যে কাশ্মীৰৰ মুখ্যমন্ত্ৰীয়েও এই ঘটনাক যিকোনো ধৰণৰ ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰাৰ বিৰুদ্ধে মাত মাতিছে। মন কৰিবলগীয়া যে পহলগাম কাণ্ডৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও পহলগাম কাণ্ডৰ কঠোৰ প্ৰতিশোধ লোৱাৰ প্ৰতিশ্ৰুতি দিছে।

তেওঁ কয় যে ,ভাৰতীয় সেনাবাহিনীৰ শেষ সীমান্ত পৰ্যন্ত সন্ত্ৰাসবাদীৰ সন্ধান উলিয়াই তেওঁলোকক শাস্তি দিয়া হ’ব।

Exit mobile version