পহলগাম আক্ৰমণৰ সন্দৰ্ভত অনুষ্ঠিত হ’ব আন এখন হাই প্ৰফাইল বৈঠক

images 24

PM Modi : পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত সমগ্ৰ ভাৰতবৰ্ষতে বৰ্তমান চলি থকা প্ৰশ্নটো হৈছে পহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত এতিয়া ভাৰতে কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব?

ADVERTISEMENT

এই পৰিৱেশতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আন এখন হাই-প্ৰফাইল বৈঠক অনুষ্ঠিত কৰিব।

সূত্ৰ অনুসৰি এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, সেনা প্ৰধান অনিল চৌহান আদি উপস্থিত থাকিব পাৰে।

যোৱা সপ্তাহত জম্মু-কাশ্মীৰত ২৭ জন লোকৰ মৃত্যু হোৱা পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত নিৰাপত্তা প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে মোডীৰ এইখন দ্বিতীয়খন বৈঠক।

Exit mobile version