‘পাকিস্তানলৈ অস্ত্ৰ বিমান প্ৰেৰণ কৰা নাই ’

‘ভুৱা খবৰ’ বিয়াপোৱাত সৰব তুৰ্কী

turkiye

Pakistan : পাকিস্তানলৈ অস্ত্ৰ বিমান প্ৰেৰণ কৰা তথ্য ভুল বুলি জনালে তুৰ্কীয়ে।দেশৰ যোগাযোগ সঞ্চালকালয় চেণ্টাৰ ফৰ কাউণ্টাৰিং ডিচিনফৰ্মেশ্যনে প্ৰকাশ কৰা অনুসৰি পাকিস্তানলৈ কোনো সশস্ত্ৰ বিমান প্ৰেৰণ কৰা হোৱা নাই।দৰাচলতে, বিমানবোৰে ইন্ধন সংগ্ৰহ কৰিবলৈ পাকিস্তানত অৱতৰণ কৰিছিল।

ADVERTISEMENT

উল্লেখ্য যে,বিগত ২২ এপ্ৰিলত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে পহলগামত এক ভয়ংকৰ গণহত্যা সংঘটিত কৰে।প্ৰাৰম্ভিক অনুসন্ধানে আক্ৰমণটোত পাক জড়িত থকাৰ তত্ত্ব পোহৰলৈ কৰিছে।

এনে পৰিস্থিতিত ২৭ এপ্ৰিলত পাকিস্তানৰ বিমানবন্দৰত তুৰ্কীৰ হাৰকিউলিছ বিমান অৱতৰণ হোৱাৰ খবৰ বিয়পি পৰে। সৰ্বমুঠ পাকিস্তানত কমেও সাতখন সশস্ত্ৰ বিমান উপস্থিত হয়। সেই বিমানসমূহৰ কেবাখনো ফটোও ইতিমধ্যেই ইণ্টাৰনেটত ভাইৰেল হৈ পৰে।

সূত্ৰ অনুসৰি, অস্ত্ৰ-শস্ত্ৰভৰ্তি সাতখন তুৰ্কী হাৰকিউলিছ বিমান কৰাচী বিমানবন্দৰত উপস্থিত হৈছে। কিন্তু পাকিস্তান আৰু তুৰ্কী উভয়েই বিমানখনৰ ভিতৰত প্ৰকৃততে কি আছে সেই কথা সঠিক ভাৱে প্ৰকাশ কৰিবলৈ অনিচ্ছুক।

অৱশ্যে ভাৰতীয় প্ৰতিৰক্ষা বিশেষজ্ঞসকলে অনুমান কৰিছে যে এই হাৰকিউলিছ বিমানখনত কামিকাজে ড্ৰোন থাকিব পাৰে।

প্ৰসংগক্ৰমে পহলগাম আক্ৰমণৰ পাছত চীনৰ শক্তিশালী পি এল-১৫ ক্ষেপণাস্ত্ৰ পাকিস্তানত উপস্থিত হৈছে। চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মীয়ে ব্যৱহাৰ কৰা ক্ষেপণাস্ত্ৰ পাকিস্তানলৈ প্ৰেৰণ কৰিছে। পাকিস্তান বায়ুসেনাৰ জে এফ-১৭ যুদ্ধ বিমানৰ পৰাও এই ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ প্ৰস্তুতি চলিছে।

অৱশ্যে তুৰস্কই স্পষ্ট কৰি দিছে যে তেওঁলোকে পাকিস্তানলৈ কোনো ধৰণৰ অস্ত্ৰ-শস্ত্ৰ প্ৰেৰণ কৰা নাই। তুৰ্কীৰ বিবৃতিত কোৱা হৈছে যে কেবাটাও সংবাদ মাধ্যমে তুৰ্কিয়ে পাকিস্তানলৈ অস্ত্ৰ কঢ়িয়াই অনা বিমান প্ৰেৰণ কৰাৰ খবৰ বিয়পাইছে।

কিন্তু এই তথ্য সম্পুৰ্ণ ভুল। ইন্ধন ভৰোৱাৰ বাবে পাকিস্তানত অৱতৰণ কৰে বিমানসমূহ।ইন্ধন ভৰোৱাৰ পাছতে বিমানবোৰ পুনৰ গন্তব্যস্থানলৈ উৰা মাৰিলে। তুৰস্কই সংবাদ মাধ্যমক ভুৱা উৎসৰ পৰা খবৰ নুশুনিবলৈ জনাই।

Exit mobile version