ভাৰতৰ স’তে বাণিজ্যিক আলোচনা ভালদৰে আগবাঢ়িছে!

অতি সোনকালে চুক্তি স্বাক্ষৰিত হ’ব পাৰে : ট্ৰাম্পে

1745988223 trump modi

Donald Trump : শুল্ক যুদ্ধৰ মাজতে ভাৰতৰ স’তে দ্বিপাক্ষিক বাণিজ্যিক বুজাবুজিৰ পথত আগবাঢ়িছে আমেৰিকা? মঙলবাৰে হোৱাইট হাউছত এই কথা ইংগিত দিয়ে ড’নাল্ড ত্ৰাম্পে কৰে।

ADVERTISEMENT

তেঁও কয়,”ভাৰতৰ স’তে বাণিজ্যিক আলোচনা খুব ভালদৰে চলি আছে।মই ভাবো যে, ভাৰতৰ স’তে চুক্তি স্বাক্ষৰ কৰিবলৈ ওলাইছো।’

ভাৰতে এই চুক্তি বিচৰা বুলিও ট্ৰাম্পে কয়। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “আপোনালোকে জানেনে, প্ৰধানমন্ত্ৰী (নৰেন্দ্ৰ মোডী) তিনি সপ্তাহ পূৰ্বে ইয়াত আছিল। তেওঁ চুক্তিত স্বাক্ষৰ কৰিব বিচাৰিছিল।”

উল্লেখ্য যে মোডীয়ে ফেব্ৰুৱাৰীত আমেৰিকা ভ্ৰমণ কৰে তাতে দুয়োজন ৰাষ্ট্ৰপ্ৰধানৰ মাজত বাণিজ্য চুক্তিৰ বিষয়ে আলোচনা হয়।

বিগত দুই এপ্ৰিলত ট্ৰাম্প প্ৰশাসনে বিভিন্ন দেশৰ ওপৰত ‘প্ৰতিশোধমূলক শুল্ক’ আৰোপ কৰিছিল। অৰ্থাৎ আমেৰিকাৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰা দেশ এখনে আমেৰিকালৈ আমদানি কৰা সামগ্ৰীৰ ওপৰত একে পৰিমাণৰ শুল্ক আৰোপ কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতকে ধৰি প্ৰায় সকলো দেশৰ ওপৰত নূন্যতম শুল্ক আৰোপ কৰিছিল।আনকি, ভাৰতৰ ওপৰতো অতিৰিক্ত ২৬ শতাংশ শুল্ক আৰোপ কৰা হৈছিল।

এই পৰিৱেশতেই এপ্ৰিল মাহত তিনিদিনীয়া ভ্ৰমণৰ বাবে ভাৰতত উপস্থিত হৈছিল আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসগৃহত এখন বৈঠক বহে।

চৰকাৰী সূত্ৰৰ মতে, বৈঠকৰ সময়ত দুয়োগৰাকী নেতাই বাণিজ্য চুক্তিৰ আলোচনাৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে। মন কৰিবলগীয়া যে নতুন দিল্লী আৰু ৱাশ্বিংটনে ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য ৫০,০০০ কোটি ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে চুক্তি স্বাক্ষৰ কৰিব বিচাৰিছে।এতিয়া প্ৰায় ১৯,১০৯ কোটি ডলাৰ হৈছে।

Exit mobile version