দিনটোৰ ৰাশিফল

IMG 20250430 173238

Horoscope: মেষ : খং, হুৰমূৰ চিন্তা কমাওক। চঞ্চলতা কমিব। আনৰ অহিত চিন্তা নকৰিব। বিয়াৰ সংযোগ। শুভ ৰং বেঙুনীয়া। অশুভ ৰং ৰঙা। শুভ সংখ্যা ৪।

ADVERTISEMENT

বৃষ : আনৰ প্ৰশংসা পাব। সততাত গুৰুত্ব দিব। পদ্দোন্নতিত দুষ্ট লোকে বাধা দিব পাৰে। বিদ্যাত শুভ। শুভ ৰং ক’লা। অশুভ ৰং সেউজীয়া। শুভ সংখ্যা ৫।

মিথুন : ধৈর্য ধৰক। আর্থিক উন্নতি। পৰচৰ্চা নকৰিব। উগ্র সাহসে ক্ষতি কৰিব পাৰে। অৰ্থ লাভ। শুভ ৰং হালধীয়া । অশুভ ৰং ৰঙা। শুভ সংখ্যা ৬।

কর্কট : আনক হিংসা নকৰিব। হঠাৎ কাৰোবাৰ স’তে মতভেদ হ’ব পাৰে। দাম্পত্যত শুভ। শুভ ৰং হালধীয়া। অশুভ ৰং ৰঙা। শুভ সংখ্যা ৭।

সিংহ: খং নকৰিব। বিবাহৰ যোগ। পদপথত সাৱধান। কোনো শোভাযাত্ৰাত অংশ নল’ব। শুভ ৰং মুগা। অশুভ ৰং ক’লা। শুভ সংখ্যা ৮।

কন্যা : প্রতিবেশীৰ ওপৰত নজৰ ৰাখক। আনে বদনাম নিদিব। খং কমিব। প্রভাৱশালী লোকৰ সান্নিধ্য পাব। শুভ ৰং বগা। অশুভ ৰঙা। শুভ সংখ্যা ৪।

তুলা : জুইৰ পৰা সতর্ক থাকক। মৰসাহ নকৰিব। যিকোনো ব্যৱসায় নকবিৰ। প্ৰেমত সফল হ’ব। শুভ ৰং নীলা। অশুভ হালধীয়া। শুভ সংখ্যা ৫।

বৃশ্চিক : ভাগৰুৱা অনুভৱ কৰিব। প্ৰদূষণে কষ্ট দিব। পৰীক্ষাত সুখ্যাতি। খিংখিঙীয়া স্বভাৱে মনোকষ্ট দিব। শুভ ৰং বগা। অশুভ ৰং সেউজীয়া। শুভ সংখ্যা ৮।

ধনু : শত্রু কমিব। কৰ্মত ফলৱতী হ’ব। আত্মীয় লোকৰ শৰীৰ অথন্তৰ। প্রতিযোগিতাত জয়লাভ। শুভ ৰং সোণালী। অশুভ ক’লা। শুভ সংখ্যা ৬।

মকৰ : কৰ্মৰ দ্বাৰা জনপ্রিয়তা বৃদ্ধি। অনবৰত আনৰ দোষ নধৰিব। ভাষ্যৰ বিশেষ পৰিৱৰ্তন। বিদ্যাত শুভ। শুভ ৰং নীলা। অশুভ সেউজীয়া। শুভ সংখ্যা ৩।

কুম্ভ : বিদ্যাত যত্ন লোৱাৰ প্ৰয়োজন। পেটৰ সমস্যাত ভুগিব পাৰে। শৰীৰৰ যত্ন ল’ব। যান-বাহনৰ ক্ষেত্ৰত সাৱধান হ’ব। প্ৰেমৰ ক্ষেত্ৰত শুভ। শুভ ৰং আকাশী। অশুভ ৰং সেউজীয়া। শুভ সংখ্যা ৪।

মীন : প্ৰেমত বিবাহৰ যোগ। আবেলিলৈ কোনো নতুন সংবাদ পাব পাৰে। কর্মক্ষেত্ৰত কিছু সমস্যা হ’ব পাৰে। দাম্পত্যত শুভ। শুভ ৰং বগা। অশুভ ৰং হালধীয়া। শুভ সংখ্যা ৫।

Exit mobile version